ETV Bharat / state

বেকী নৈৰ গৰাখহনীয়াত দিশহাৰা নিচুকাবাসীঃকাণসাৰ নাই বিধায়ক ৰঞ্জিত দাসৰ - বিধায়ক ৰণজিৎ কুমাৰ দাস

নিচুকাৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ ঘৰ-বাৰী বেকী নৈৰ বুকুত জাহ যোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি-ভূমিও নৈত জাহ গৈছে ৷ তথাপিও কোনো কাণসাৰ নাই বিধায়ক ৰঞ্জিত দাসৰ ৷ ফলত একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে নিচুকাবাসী ৷

Beki River's erison
বেকী নৈৰ গৰাখহনীয়াত দিশহাৰা নিচুকাবাসী
author img

By

Published : Sep 27, 2020, 1:49 PM IST

বৰপেটাৰোড,27 ছেপ্তেম্বৰঃ বেকী নৈৰ প্ৰৱল গৰাখহনীয়াৰ কবলত বৰপেটা ৰোডৰ নিচুকাবাসী ৷ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰঞ্জিত দাসৰ গৃহ চহৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ নিলগত থকা নিচুকাৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ ঘৰ-বাৰী বেকী নৈৰ বুকুত জাহ যোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি-ভূমিও বেকী নৈত জাহ গৈছে ৷ তথাপিও কোনো কাণসাৰ নাই বিধায়ক ৰঞ্জিত দাসৰ ৷ ফলত একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে নিচুকাবাসী ৷

বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দীৰ্ঘদিন ধৰি বিধায়ক ৰঞ্জিত দাসক অনুৰোধ কৰি আহিছে যদিও বিধায়ক গৰাকীয়ে কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ তদুপৰি অঞ্চলটোৰ একমাত্ৰ ধৰ্মীয় অনুষ্ঠান নিচকা মছজিদো বেকী নৈৰ গৰাখহনীয়াৰ কবলত পৰাত ইতিমধ্যে মছজিদটোৰ এটা অংশ খহাই নিয়াৰ উপক্ৰম হৈছে ৷

ইপিনে বেকী নৈৰ মথাউৰিটোৰ এক বৃহৎ অংশ নৈৰ বুকুত জাহ যোৱাত নিচুকাবাসীয়ে বাহেৰে পাৰ্কোপাইন নিৰ্মাণ কৰি মথাউৰিটো ৰক্ষা কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও প্ৰৱল গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ হোৱা নাই সক্ষম ; যাৰ পৰিপ্ৰেক্ষিতত বিধায়ক ঞ্জিত দাসক বেকী নৈৰ গৰাখহনীয়া পৰ্যবেক্ষণ কৰি নিচুকাবাসীক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনায় নিচুকাবাসীয়ে ৷

লগতে পঢ়কঃদেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.