জনিয়া, 27 জুনঃ কলগাছিয়াৰ ভিন্ন অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বেকী নৈৰ বাঢ়নী পানীয়ে ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহি, কাচুকাটি, বৰডাঙা, চৰচৰিয়া আদিকে ধৰি কুৰিখন গাঁও প্লাবিত হৈছে ৷ শনিবাৰে পুৱাৰ ভাগত বেকী নৈৰ পানী অধিক বৃদ্ধি পোৱাৰ ফলত চৰত থকা প্ৰায় তিনি শতাধিক লোক ব্যাপক অসুবিধাৰ সন্মুখীন হয় ৷
কিন্তু ইমানৰ পিচতো চৰত পশুধনৰ সৈতে আবদ্ধ হৈ থকা, প্লাবিত বাসগৃহ, খোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা লোকসকলক উদ্ধাৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ অতি শীঘ্ৰেই বানাক্ৰান্ত লোকৰ বাবে বিহীত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰক আহ্বান জনাইছে ক্ষতিগ্ৰস্ত ৰাইজে ৷
লগতে পঢ়কঃ বানে উটুৱাই নিলে বৰতল-নিকৰি সংযোগী গড়কাপ্তানী পথ