ETV Bharat / state

বেকী নৈৰ খহনীয়াই বিপদ মাতিছে জনীয়াৰ ছনপুৰাত

author img

By

Published : Nov 3, 2020, 11:18 AM IST

জনীয়াৰ ছনপুৰাত বেকী নৈৰ খহনীয়াত এমাহৰ ভিতৰত নৈৰ বুকুত জাহ গ'ল ৫০ টাকৈ পৰিয়ালৰ মাটি-ভেটি, খেতিপথাৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্য়া সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই চৰকাৰে ৷ কেৱল নিৰ্বাচনী ইছ্যু হিচাপেহে ৰৈ গৈছে তেওঁলোকৰ সেই সমস্যা ৷

বেকী নৈৰ খহনীয়া
বেকী নৈৰ খহনীয়া

জনীয়া, 3 নৱেম্বৰ: জনীয়াৰ ছনপুৰাত বেকী নৈৰ খহনীয়াই চিন্তিত কৰিছে সাধাৰণ ৰাইজক ৷ বান পাচত সম্প্ৰতি বৃহত্তৰ অঞ্চলটোত বেকীৰ খহনীয়াই শংকিত কৰিছে স্থানীয় বাসিন্দাক ৷ এমাহতে নৈৰ বুকুত জাহ গ'ল ৫০ টাকৈ পৰিয়ালৰ মাটি-ভেটি, খেতিপথাৰ ৷ তাৰ পাচতো যেন কাণষাৰ নাই স্থানীয় জনপ্ৰতিনিধি কিম্বা চৰকাৰৰ ৷

বেকী নৈৰ খহনীয়াই বিপদ মাতিছে জনীয়াৰ ছনপুৰাত

স্থনীয় ৰাইজে উল্লেখ কৰা অনুসৰি, তেওঁলোকে ভুগি অহা খহনীয়াৰ সমস্যা আজিৰ নহয় ৷ বহু বছৰৰ পৰাই ৰাইজে ভুগি আহিছে অনুৰূপ সমস্যাত ৷ যাৰ ফলত বছৰে বছৰে বাসগৃহ স্থানান্তৰ কৰিও ৰক্ষা পোৱা স্থানীয় ৰাইজ ৷ এই ক্ষেত্ৰত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অতি শীঘ্ৰেই অঞ্চলটোৰ খহনীয়াৰ সমস্য়াৰ স্থায়ী সমাধান কৰিবলৈ ৰাইজে আহ্বান জনায় ৷

লগতে পঢ়ক: চাঞ্চল্যকৰ : একেটা পৰিয়ালৰে পাঁচজনৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.