ETV Bharat / state

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা - barpeta

সোমবাৰে বৰপেটাত ৰাজহুৱা অভিনন্দন জ্ঞাপন কৰা হয় বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক ৷ বৰপেটা সত্ৰৰ তৰফৰ পৰা বশিষ্ঠ দেৱ শৰ্মাক শৰাই, গামোছা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপনৰ লগতে অন্যান্য সংস্থা সমূহেও তেখেতক অভিনন্দন জ্ঞাপন কৰে ৷

Basistha Sarma felicitation at Barpeta
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা
author img

By

Published : Sep 29, 2020, 9:42 AM IST

বৰপেটা, 29 ছেপ্তেম্বৰ : সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰিছে ৷ ইয়াৰ পিছতেই সোমবাৰে বৰপেটাত তেখেতক ৰাজহুৱাভাৱে অভিনন্দন জনোৱা হয় ৷ বুঢ়াসত্ৰীয়া গৰাকীক বৰপেটা চহৰৰ সুন্দৰীদিয়া কলয়াহাটীৰ বাসগৃহৰ পৰা আদৰি আনি প্ৰথমে বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ নহাটীস্থিত আদি ভিঠিত ৰখা হয় ৷ ইয়াৰ পৰা গায়ন বায়নেৰে বৰপেটা সত্ৰৰ দালানলৈ আদৰি অনা হয় ৷

Basistha Sarma felicitation at Barpeta
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা

বৰপেটা সত্ৰৰ তৰফৰ পৰা বশিষ্ঠ দেৱ শৰ্মাক শৰাই, গামোছা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপনৰ লগতে অন্যান্য সংস্থা সমূহেও তেখেতক অভিনন্দন জ্ঞাপন কৰে ৷ সোমবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি ৷ ১৯৬৭ চনৰ পৰাই বৰপেটাৰ লোকসকলে তেখেতক আন্তৰিকতাৰে আঁকোৱালি লোৱা বুলি মন্তব্য কৰি বঁটাটোৰ শ্ৰেয় বৰপেটাবাসীক প্ৰদান কৰে বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷

লগতে পঢ়ক-লামডিঙত উপবন উন্মোচন বন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.