ETV Bharat / state

বিশ্বজিৎ দৈমাৰীক তীব্ৰ সমালোচনা মন্ত্ৰী চন্দন ব্ৰহ্মৰ

author img

By

Published : Nov 12, 2020, 8:53 PM IST

সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসে বিটিচিৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ কোনো উন্নয়নমূলক কাম কৰা নাই বুলি উল্লেখ কৰি এই অঞ্চলত হোৱা বানপানীৰ সময়তো ৰণজিৎ কুমাৰ দাসে অঞ্চলটোৰ ৰাইজৰ কাষতো থিয় নহয় বুলি অভিযোগ উত্থাপন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷

barpetaroad-bpf-meeting
বিশ্বজিৎ দৈমাৰীক তীব্ৰ সমালোচনা মন্ত্ৰী চন্দন ব্ৰহ্মৰ

বৰপেটাৰোড 12 নবেম্বৰ : "বিপিএফৰ পৰা বিজেপিলৈ যোৱা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিচি নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ নকৰিলে অনাগত দিনত ডাষ্টবিনত পৰি থাকিব" এই মন্তব্য মন্ত্ৰী চন্দন ব্ৰহ্মৰ ৷ বৃহস্পতিবাৰে বাক্সাৰ মথনগুৰী সমষ্টিৰ আই লাভ ইউ বজাৰত এক বিশাল মহিলা সমাৰোহ অনুষ্ঠিত হয় ৷ সমষ্টিটোৰ বি পি এফ দলৰ প্ৰাৰ্থী তথা জনপ্ৰিয় নেত্ৰী বেগম আখতাৰা আহমেদৰ উদ্যোগত অনুষ্ঠিত হোৱা বি পি এফৰ মহিলা সমাৰোহত অংশ লৈ মন্ত্ৰী চন্দন ব্ৰহ্মই আৰু কয় " বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰাৰ কাহিনীটো নতুন নহয়, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দৈমাৰীৰ বিজেপি গমনৰ কাহিনীটো পূৰ্বৰে পৰাই উল্লেখ কৰি আহিছে ৷ বি পি এফ দলৰ পৰা আন কোনো নেতা বিজেপিলৈ নাযায় বুলি স্পষ্টকৈ কয় মন্ত্ৰী গৰাকীয়ে ৷ লগতে বিশ্বজিত দৈমাৰীৰ লগত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কি এগ্ৰিমেণ্ট হৈছে বা কি গেৰাণ্টী দিছে সেইটো মন্ত্ৰী গৰাকীয়ে নাজানে বুলি উল্লেখ কৰি ডিচেম্বৰৰ ভিতৰত যদি বিশ্বজিত দৈমাৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী হব নোৱাৰে তেন্তে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ডাষ্টবিনত পৰি থকাটো নিশ্চিত বুলিও মন্তব্য কৰিছে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷

সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসে বিটিচিৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ কোনো উন্নয়নমূলক কাম কৰা নাই বুলি উল্লেখ কৰি এই অঞ্চলত হোৱা বানপানীৰ সময়তো ৰণজিৎ কুমাৰ দাসে অঞ্চলটোৰ ৰাইজৰ কাষতো থিয় নহয় বুলি অভিযোগ উত্থাপন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ বৰঞ্চ বি পি এফ নেত্ৰী তথা প্ৰাৰ্থী বেগম আখতাৰা আহমেদে বান গৰাখহনীয়াৰ কৱলত পৰা দুৰ্গত ৰাইজৰ কাষত উপস্থিত হৈ বিভিন্ন দিশত সহায় সহযোগিতা কৰাৰ লগতে অঞ্চলটোৰ সৰ্বসাধাৰণ লোকৰ সৈতে সদায় একাকাৰ হৈ থাকে বুলি কয় ৷
লগতে পঢ়ক: সুৰামত্ত স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ পত্নীয়ে ঘপিয়াই হত্যা কৰিলে স্বামীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.