জনীয়া, 23 ডিচেম্বৰ : আপুনি অনলাইন শ্ব'পিং কৰি ভাল পায় নেকি ? যদি আপুনি অনলাইন শ্ব'পিং কৰে তেতিয়াহলে এতিয়াৰ পৰা সাবধান হওঁক ৷ কিয়নো অনলাইন শ্ব'পিং কৰি ৰামঠগন খালে বৰপেটা জিলাৰ এজন যুৱকে ৷
ঘটনাৰ বিৱৰণ অনুসৰি, 'ফ্লিপকাৰ্ট' ৰ পৰা কলগাছিয়াৰ বামুনটাৰীৰ ৰকিবুল ইছলাম নামৰ এজন যুৱকে এযোৰ জোতা অৰ্ডাৰ দিছিল ৷ কিন্তু যুৱকজনে জোতাৰ সলনি লাভ কৰিলে ছোৱালীয়ে পৰিধান কৰিব পৰা এটা জিনচ চাৰ্ট ৷ 'ফ্লিপকাৰ্ট' প্ৰতিষ্ঠানটোৰ এনেকুৱা কৰ্মই সম্প্ৰতি যুৱকজনক ক্ষোভিত কৰাৰ লগতে ৰাইজৰ মাজত হাঁহিৰ খোৰাক যোগাইছে ৷
লগতে পঢ়ক : আৰক্ষীৰ জালত ৰহিংগীয়া শৰণাৰ্থীৰ এটা বৃহৎ দল