বৰপেটা, ২৯ ডিচেম্বৰ: বৰপেটা চহৰত পানীৰ বাবে হাহাকাৰ কৰিছে সাধাৰণ ৰাইজে ৷ বিগত কেইবাদিন ধৰি চহৰখনৰ ৱাৰ্ডসমূহত নাই বিশুদ্ধ পানী , ফলত পানীৰ বাবে হাহাকাৰ অৱস্থা বৰপেটা চহৰত ৷ বৰপেটা বিলৰতাৰীস্থিত পৌৰসভাৰ পানী যোগান আচনিৰ জৰিয়তে চহৰৰ একাংশ ৱাৰ্ডত যোগান ধৰা হয় বিশুদ্ধ খোৱাপানী ৷ পিছে নখান্দা নৈৰ পৰা পানী উঠোৱা যন্ত্ৰটোৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়াৰ বাবে বিগত কেবাদিন ধৰি বন্ধ হৈ পৰিছে পানীৰ যোগান ৷
পৌৰসভাৰ উপ পৌৰপতিয়ে জনোৱা মতে, বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বিদ্যুৎ বিভাগৰ পৰা বিদ্যুৎ কৰ্তন কৰি দিয়াত নৈৰ পৰা পানী উঠাব পৰা নাই ৷ ফলত বন্ধ হৈ পৰিছে পানীৰ যোগান ৷ পৌৰসভাৰ উপ পৌৰপতিয়ে জনোৱা মতে, চহৰবাসীয়ে সময়মতে পানীৰ বিল পৰিশোধ নকৰাৰ বাবেই বিদ্যুতৰ বিল পৰিশোধ কৰিব পৰা নাই বিদ্যুৎ বিভাগক ৷
পানীৰ যোগান বন্ধ থকাৰ ফলত বহু পৰিয়ালে খোৱা পানী ক্ৰয় কৰি চলি আছে যদিও বহু পৰিয়ালৰ নাই পানী ক্ৰয় কৰাৰ সামৰ্থ ৷ তেনে পৰিয়ালসমূহৰ এতিয়া পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইপিনে বৰপেটা চহৰৰ পানীত আৰ্চেনিকৰ উপস্থিতি ধৰা পৰাৰ ফলত পৌৰসভাৰ বিশুদ্ধ খোৱাপানীৰ ওপৰতে নিৰ্ভৰশীল চহৰবাসী ৷ তেনেক্ষেত্ৰত পৌৰসভাৰ নিৰ্বিকাৰ ভূমিকাৰ তীব্ৰ সমালোচনা কৰিছে চহৰবাসী ৰাইজে ৷ উল্লেখ্য যে, পৌৰসভাৰ অকৰ্মন্যতাৰ বাবেই চহৰখনত প্ৰায়েই বন্ধ হৈ থাকে বিশুদ্ধ খোৱাপানীৰ যোগান ৷
লগতে পঢ়ক: কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নামাকৰণৰ বিৰোধিতা নাথ যোগী ছাত্ৰ সন্থাৰ