ETV Bharat / state

আংশিক লকডাউনে ক্ষতিগ্ৰস্ত কৰিছে কৃষকক

author img

By

Published : May 24, 2021, 12:30 PM IST

লকডাউনৰ ঋণাত্মক প্ৰভাৱ পৰিছে খেতিয়কৰ ওপৰত । বজাৰৰ অভাৱত বিক্ৰী কৰিব পৰা নাই পাচলি । পথাৰতে গেলি পচি নষ্ট হৈছে বিঘাই বিঘাই তিতাকেৰেলা ।

Barpeta vegetable story
লকডাউনৰ ঋণাত্মক প্ৰভাৱ পৰিছে পাচলি খেতিয়কৰ ওপৰত

জনীয়া, 24 মে’ : কলগাছিয়াৰ একাংশ খেতিয়কে এবুকু আশা লৈ কৰিছিল তিতা কেৰেলাৰ খেতি । কোনোবাই টকা সুদত লৈ, আন কোনোবাই বন্ধন বেংকৰ পৰা ঋণ লৈ নতুবা বীজ ভাণ্ডাৰৰ দোকানত বাকী ৰাখি তিতা কেৰেলাৰ খেতি কৰে । আশা আছিল উৎপাদিত শাক পাচলি বিক্ৰী কৰি নিজৰ পৰিয়ালটো ভালকৈ পোহপাল দিয়াৰ লগতে ঋণৰ ধাৰ মাৰিব । কিন্তু ক’ৰণাৰ দ্বিতীয়টো ঢৌৰ বাবে এইসকল খেতিয়কৰ আশাত চেঁচা পানী পৰিল । ফলত হাহাকাৰ কৰিছে কৃষকসকলে ৷

আমগুৰিৰ কৃষকে তিতা কেৰেলাৰ খেতি কৰিবলৈ প্ৰতি বিঘাত ৩৫ হেজাৰৰ পৰা ৪০ হাজাৰ টকা খৰচ কৰিছিল । খেতি কৰিবলৈ লোৱা অধিকাংশ কৃষকৰ হাতত মূলধন নথকাত ঋণ নতুবা বীজ ভাণ্ডাৰৰ দোকানীৰ পৰা বাকী ল'বলগীয়া হৈছিল । কিন্তু পৰিতাপৰ বিষয় উৎপাদন ভাল হোৱা স্বত্বেও মিনি লকডাউন চলি থকাত খেতিয়কসকলে বিক্ৰী কৰিব পৰা নাই তিতা কেৰেলা । ফলত খেতিতেই পচিব ধৰিছে ফচল সমূহ । এফালে মূৰৰ ওপৰত থকা ঋণৰ বোজা আনফালে পৰিয়ালটো পোহপাল দিয়াৰ চিন্তাত এতিয়া মূৰে কপালে হাত দিছে হতাশাগ্ৰস্ত খেতিয়কে ।

লকডাউনৰ ফলত সাপ্তাহিক বজাৰ বন্ধ হৈ পৰাত কৃষকে বিক্ৰী কৰিব পৰা নাই পাচলি । ফলত লোকচানৰ সন্মুখীন হৈছে কৃষক । ক্ষতিপূৰণ নাপালে আত্মহত্যাৰ বাহিৰে বিকল্প পথ নাথাকিব ভুক্তভোগী কৃষকৰ । সেইয়ে চৰকাৰে এইসকল খেতিয়কক এক কালীন আৰ্থিক সাহায্য দি পৰিয়ালটোক সকাহ দিবলৈ বিভিন্ন মহলে দাবী জনাইছে ৷

লগতে পঢ়ক : 26 মে’ত দীঘাৰ সমুদ্ৰতীৰত য়াছে খুন্দা মৰাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.