বৰপেটা 11 অক্টোৱৰঃ বৰপেটা গান্ধীনগৰৰ ৰেলৱে বিভাগৰ কৰ্মচাৰী দেৱৰাজ দাসৰ ঘৰত বুজন পৰিমানৰ নগদ ধন উদ্ধাৰৰ ঘটনাক লৈ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷ দেৱৰাজ দাসৰ ঘৰৰ পৰা জব্দ হোৱা ধনৰ পৰিমান ১ কোটি ৮৩ লাখ ৫৫ হাজাৰ ৭৪০ টকা ৷ ইতিমধ্যে শুকুৰবাৰে পুৱতি নিশাৰ পৰা চলা অভিযানত নগদ ধন উদ্ধাৰৰ লগতে দেৱৰাজ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ নিউ বঙাইগাৱত ৰেলৱেৰ চিনিয়ৰ লকো ইন্সপেক্টৰ হিচাপে কৰ্মৰত দেৱৰাজ দাস আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ সৈতেও জড়িত বুলি সদৰি কৰে আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে ৷
![barpeta sp press meet regarding si scam and arrested railway employee](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-811to816-10oct-barpeta-sp-press-meet-visbitephoto-7203841_10102020223228_1010f_1602349348_187.jpg)