ETV Bharat / state

সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতিৰ চানেকি বহনকাৰী বৰপেটাৰ ভাস্কৰ্য শিল্প

author img

By

Published : Feb 8, 2020, 2:53 PM IST

বৰপেটা সত্ৰক কেন্দ্ৰ কৰি বিভিন্ন ভাস্কৰ্য শিল্পৰে সমৃদ্ধ হৈ পৰিছে বৰপেটা ৷ এই শিল্পৰ সৈতে জড়িত হৈ আছে বহু সংখ্যক ভাস্কৰ্য শিল্পী ৷

এই শিল্পৰে জড়িত বহু শিল্পী
বৰপেটা সত্ৰৰ ভাস্কৰ্য শিল্প

বৰপেটা, 8 ফেব্ৰুৱাৰী: বৰপেটাবাসীৰ আৰ্থ-সামাজিক জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে বৰপেটা সত্ৰ ৷ এই সত্ৰক কেন্দ্ৰ কৰিয়েই বিভিন্ন ভাস্কৰ্য শিল্পৰে সমৃদ্ধ হৈ পৰিছে বৰপেটা ৷ গুৰু আসন নিৰ্মাণ আৰু কাঠত খোদিত কৰি বিভিন্ন ভাস্কৰ্য নিৰ্মাণ কৰা হয় বৰপেটা সত্ৰত ৷ অসমৰ সমাজ,সাহিত্য,সংস্কৃতিত বৰপেটাৰ এক সুকীয়া স্থান আছে ৷

বৰপেটা সত্ৰৰ ভাস্কৰ্য শিল্প

সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে বৰপেটাবাসী জড়িত হৈ থকাৰ লগতে বহু যুৱকে ভাস্কৰ্য শিল্পৰ সৈতে নিজকে জড়িত কৰি স্বাৱলম্বী হৈছে ৷ বৰপেটাৰ কেইবাটাও পৰিয়ালে গুৰু আসন নিৰ্মাণৰ জৰিয়তে জীৱিকা নিৰ্বাহৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটাৰ বহু ভাস্কৰ্য শিল্পীৰ ভিতৰত উল্লেখযোগ্য হৈছে কবিন দাস,হিতেশ দাস আৰু নিৰ্মল দাস

শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ সময়ৰ পৰাই সত্ৰৰ নামঘৰসমূহত বিভিন্ন ধৰ্মীয় আখ্যানৰ চিত্ৰ কাঠত কাটি লগোৱাৰ যি পৰম্পৰা চলি আহিছে সেই পৰম্পৰা জীয়াই ৰাখিছে বৰপেটাৰ এইসকল ভাস্কৰ্য শিল্পীয়ে ৷ ৰামায়ণ,মহাভাৰত,গীতা,ভাগৱতত বৰ্ণিত বিভিন্ন আখ্যানৰ চিত্ৰ কাঠত কাটি জীৱন্ত ৰূপ দিয়া বৰপেটাৰ এই ভাস্কৰ্য শিল্প বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন সত্ৰ,থান,নামঘৰত সংৰক্ষিত হৈ আছে ৷ কেৱল অসমতে নহয়,দেশৰ বিভিন্ন প্ৰান্ততো এই ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা গুৰু আসন আৰু কাঠত কটা আন আন শিল্প ভাস্কৰ্য স্থাপন কৰা হৈছে ৷ এই ভাস্কৰ্যসমূহ আমেৰিকাবাসী বহু অসমীয়া পৰিয়ালে প্ৰতিষ্ঠা কৰিছে নিজ নিজ বাসগৃহত ৷

অৱশ্যে ইয়াৰ মাজতো আছে এইসকল শিল্পীৰ আৰ্থিক সমস্যা ৷ শিল্পটো জীয়াই ৰাখিবলৈ অথবা ইয়াৰ প্ৰসাৰৰ বাবে চৰকাৰৰ পৰা কিছু সহায় কামনা কৰিছে এই ভাস্কৰ্য শিল্পীসকলে ৷

আৰু পঢ়ক : কলিয়াবৰত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ নাট প্ৰদৰ্শন

Intro:
বৰপেটা, ৩ ফেব্ৰুৱাৰীঃ অসমৰ সমাজ, সাহিত্য, সংস্কৃতিত বৰপেটাৰ আছে নিজস্ব পৰিচয় ৷ বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰ ধাৰক বাহক সত্ৰনগৰী বৰপেটাই যুগ যুগ ধৰি নিজৰ স্বকীয়তা বহন কৰি আহিছে আজিলৈকে ৷ সত্ৰনগৰী বৰপেটাৰ বিভিন্ন সত্ৰীয়া সংস্কৃতিৰ লগতে ইয়াৰ ভাস্কৰ্য শিল্পও জগতখ্যাত ৷ সত্ৰ নামঘৰ আদিৰ বাবে প্ৰয়োজনীয় গুৰু আসন বৰপেটাতে নিৰ্মান কৰা হয় ৷ Body:গুৰু আসন আদি নিৰ্মানৰ সৈতে জৰিত হৈ,আছে সত্ৰনগৰী বৰপেটাৰ বহু ভাস্কৰ্য শিল্পী ৷ এই ভাস্কৰ্য শিল্পীসকলে নিৰ্মান কৰা গুৰু আসন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰ সমুহত স্থাপিত হৈ আহিছে ৷ গুৰু আসন নিৰ্মানৰ সৈতে বৰপেটাৰ সাতামপুৰুষীয়া কৃষ্টি সংস্কৃতি জৰিত হৈ থকাৰ লগতে এই শিল্পৰ সৈতে জৰিত হৈ বহু যুৱকে স্বাৱলম্বী হব পাৰিছে ৷ বৰপেটাৰ বহুকেইটা পৰিয়ালে গুৰু আসন নিৰ্মানৰ জৰিয়তে জীৱন জীৱিকাৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটাৰ বহু ভাস্কৰ্য শিল্পীৰ ভিতৰত কবিন দাস, হিতেশ দাস আৰু নিৰ্মল দাস অন্যতম ৷ কবিন দাসে গুৰু আসন নিৰ্মানৰ লগতে কাঠত কটা বিভিন্ন ভৈস্কৰ্য শিল্পৰ সৈতেও জৰিত ৷ বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ দিনৰ পৰাই সত্ৰৰ নামঘৰসমুহত বিভিন্ন ধৰ্মীয় আখ্যানৰ চিত্ৰ কাঠত কাটি লগোৱাৰ যি পৰম্পৰা চলি আহিছে সেই পৰম্পৰা জীয়াই ৰাখিছে বৰপেটাৰ এইসকল ভাস্কৰ্য শিল্পীয়ে ৷ ৰামায়ন, মহাভাৰত, গীতা, ভাগৱতত বৰ্নিত বিভিন্ন আখ্যানৰ চিত্ৰ কাঠত কাটি জীৱন্ত ৰূপ দিয়া বৰপেটাৰ এই ভাস্কৰ্য শিল্প বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন সত্ৰ, থান, নামঘৰত সংৰক্ষিত হৈ আছে ৷ অকল অসম বুলিয়েই নহয়, অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন প্ৰান্তত স্থাপন হোৱা নামঘৰ সমুহতো বৰপেটাৰ ভাস্কৰ্যশিল্পীয়ে নিৰ্মান কৰা গুৰুআসন আৰু কাঠত কটা আন আন শিল্প ভাস্কৰ্য স্থাপন কৰা হৈছে ৷ আনকি সত্ৰনগৰী বৰপেটাৰ ভাস্কৰ্যশিল্পীয়ে নিৰ্মান কৰা গুৰুআসন আমেৰিকাবাসী বহু অসমীয়া পৰিয়ালতো প্ৰতিষ্ঠা হৈ থকাৰ কথা প্ৰকাশ কৰিলে একাংশ ভাস্কৰ্যশিল্পীয়ে ৷ সত্ৰীয়া সংস্কৃতিৰ সৈতে জৰিত এই ভাস্কৰ্য শিল্পৰ সৈতে জৰিত থাকি বৰপেটাৰ বিভিন্নজনে জীৱন জীৱিকাৰ বাট মোকোলাইছে ৷ তথাপি এই শিল্পীসকলৰো আছে অনেক সমস্যা ৷ সেই সমস্যাসমুহ সমাধানৰ ক্ষেত্ৰত শিল্পীসকলে বিচাৰিছে চৰকাৰৰ সুদৃষ্টি আৰু সহায় ৷ চৰকাৰে সহায়ৰ হাত আগবঢ়ালে এই ভাস্কৰ্য শিল্পীসকলে এই শিল্পটোক আগবঢ়াই নিয়াত সহায়ক হব আৰু নৱ প্ৰজন্মৰ যুৱকসকলে সংস্থাপনৰ বাট মোকলাবলৈ সক্ষম হব বুলি জনালে ভাস্কৰ্য শিল্পীসকলে ৷

Conclusion:বাইটঃ কবিন দাস, শিল্পী
বাইটঃ হিতেশ দাস, শিল্পী
বাইটঃ নিৰ্মল দাস, শিল্পী

---- বাপকন দাস, বৰপেটা
assign by parikalpita gogoi
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.