বৰপেটা, ২ এপ্ৰিলঃ ৰাজ্য চৰকাৰে গঠন কৰা অসম আৰোগ্য নিধিলৈ বিভিন্নজনে আগবঢ়াইছে সাহাৰ্য ৷ ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ আজি বৰপেটা সত্ৰই আগবঢ়ায় ১,১১,১১১ লাখ টকাৰ সাহাৰ্য ৷ বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাসে আজি সত্ৰ পৰিচালনা সমিতিৰ সম্পাদকৰ সৈতে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্তৰ হাতত প্ৰদান কৰে অনুদানৰ চেক ৷ আনহাতে কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সকলো ৰাইজক লকডাউন মানি চলিবলৈ আহ্বান জনাইছে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাসে ৷
লগতে পঢ়কঃ আৰোগ্য নিধিলৈ এদিনৰ দৰমহা প্ৰদান কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ