বৰপেটা, ৪ ছেপ্টেম্বৰঃ বৰপেটাত বিভিন্ন গাঁও পঞ্চায়তত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ বিশেষকৈ এম জি এনৰেগা আঁচনিৰ জৰিয়তে গাঁও পঞ্চায়ত সমূহত কোটি কোটি টকাৰ কেলেংকাৰীৰ সংঘটিত হোৱাৰ অভিযোগ ৷ শেহতীয়াভাৱে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পশ্চিম পাকা গাঁও পঞ্চায়তৰ মৰিচা পথাৰ গাঁৱৰ জামাল উদ্দিন নামৰ লোকজনে পঞ্চায়তত সংঘটিত কেলেংকাৰী উদঙাই দিয়াৰ বাবেই পঞ্চায়ত প্ৰতিনিধিৰ হাতত প্ৰহৃত হ’বলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে জামাল উদ্দিন নামৰ লোকজনে পশ্চিম পাকা গাঁও পঞ্চায়ত সংঘটিত প্ৰায় কোটি টকীয়া কেলেংকাৰী পোহৰলৈ অনাৰ পিচতেই পঞ্চায়ত সদস্য ফয়েজ উদ্দিনে আক্ৰমণ কৰি লোকজনক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ৷ পঞ্চায়ত সদস্যজনে আক্ৰমণ কৰি জামাল উদ্দিনক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ লগতে লোকজনৰ ভৰি পৰ্যন্ত ভাঙি পেলায় ৷ পঞ্চায়তৰ কেলেংকাৰী ফাদিল কৰাৰ বাবেই লোকজনক লোহাৰ ৰডেৰে আক্ৰমণ চলাই স্ক্ৰু ড্ৰাইভাৰৰ জড়িয়তে চকু পৰ্যন্ত উলিয়াই আনিবলৈ কৰা চেষ্টাৰ ফলত শয্যাশায়ী হৈ থাকিব লগা হৈছে লোকজন ।
উক্ত ঘটনা সংক্ৰান্তত বৰপেটা আৰক্ষী থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত কয়াকুছি আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্ত ফয়েজ উদ্দিনক আটক কৰিছে যদিও এতিয়াও আন চাৰিজন অভিযুক্তক আটক কৰা নাই আৰক্ষীয়ে ৷ গাঁও পঞ্চায়তখনত সংঘটিত কেলেংকাৰী ফাদিল কৰাৰ বাবেই এজন লোকক এনেদৰে মাৰপিট কৰি ভৰি পৰ্যন্ত ভাঙি দিয়া কাৰ্যৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈ পৰিছে আৰু অভিযুক্তসকলক আটক কৰি পঞ্চায়তখনত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ লাওখোৱাত বান হে শেষ হ’ল সমস্যা নহয়