বৰপেটা, 2 জুলাই : বৰপেটা ৰোডৰ কলহভঙাৰ 10 নম্বৰ ৱাৰ্ডৰ মানসপুৰক বুধবাৰৰ পৰা 14 দিনলৈ কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হয় ৷ মানসপুৰৰ চুনু সুত্ৰধৰ আৰু পম্পী সুত্ৰধৰৰ 5 বছৰীয়া পুত্ৰ কোভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱাৰ পাচতেই জিলা প্ৰশাসনে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ পুত্ৰৰ সৈতে মাকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
বুধবাৰৰ পৰা উক্ত এলেকাত কোনো লোকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ উল্লেখ্য যে,পম্পী সুত্ৰধৰে তেওঁৰ 5 বছৰীয়া পুত্ৰক লগত লৈ কেইদিনমান পূৰ্বে পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ পৰা বৰপেটা ৰোডলৈ আহিছিল ৷ পম্পী সুত্ৰধৰ আৰু তেওঁৰ 5 বছৰীয়া পুত্ৰই বৰপেটা ৰোডৰ মানসপুৰৰ বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছিল ৷ সেয়ে প্ৰশাসনে উক্ত স্থান বুধবাৰে ছীল কৰি দিয়ে ৷ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্য়া ৷
লগতে চাওক-ক’ভিড-19 : অসমৰ শেহতীয়া পৰিস্থিতি