বৰপেটা, ২৫ জানুৱাৰী: সোমবাৰে বৰপেটাৰ কেওটকুছিত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । কেওটকুছিত সামগ্ৰী ভৰ্তি টাটা মোবাইল বাহন আৰু এখন টেম্প'ৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত টেম্প'খনৰ চালকজন আৰু ১০ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয় । আহত লোক কেইজনক ততাতৈয়াকৈ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
AS-14C-9828 নম্বৰৰ টেম্প'খনেৰে চেঙা মুছলমানপাৰা গাঁৱৰ পৰা ১০ জন শ্ৰমিক কৰ্তব্যস্থলীলৈ গৈ থাকোতেই এই দুৰ্ঘটনা সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে তীব্ৰ বেগেৰে অহা AS-15C-4179 নম্বৰৰ সামগ্ৰীভৰ্তি টাটা মোবাইল গাড়ীখনৰ ভুলৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হ'ল । দুৰ্ঘটনাত টেম্প'খনৰ যথেষ্ট ক্ষতিসাধন হোৱাৰ লগতে টাটা মোবাইল বাহনখনৰ সন্মুখৰ অংশৰ ক্ষতিসাধন হয় ।
লগতে পঢ়ক:কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান পালন