বৰপেটা 23 মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তেই বৰপেটা জিলা কংগ্ৰেছত আৰম্ভ হৈছে অন্তৰ্কন্দল ৷ কংগ্ৰেছৰ জিলা কাৰ্যালয় ৰাজীৱ ভৱনৰ ভিতৰলৈ প্ৰৱেশৰ একমাত্ৰ পথটো বন্ধ কৰি পকী দেৱাল নিৰ্মাণ কৰা আৰু বৰপেটা জিলা কংগ্ৰেছত সৃষ্টি হোৱা অন্তৰ্কন্দলক লৈ বৰপেটাত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য ৷
উল্লেখ্য যে, বৰপেটা সদৰ সমষ্টিত কংগ্ৰেছৰ দলীয়া নেতৃত্বই আব্দুৰ ৰহিম আহমেদক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে কিন্তু সত্ৰনগৰী বৰপেটাৰ ঐতিহ্যক সাৰোগত কৰি এগৰাকী হিন্দু প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে একাংশই দাবী কৰিছিল ৷ বৰপেটাত দলীয় টিকট প্ৰদানৰ ক্ষেত্ৰত বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ ভূমিকা সঠিক নাছিল বুলি অভিযোগ কৰি বৰপেটা জিলা কংগ্ৰেছৰ একাংশ নেতা কৰ্মীয়ে তিনিদিন পূৰ্বে বৰপেটাৰ ৰাজীৱ ভৱনত তলা বন্ধ কাৰ্যসূচী গ্ৰহন কৰিছিল ৷
বৰপেটা সমষ্টিত অ-মুছলমান প্ৰাৰ্থী প্ৰক্ষেপৰ বিষয়টোক লৈ বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ কংগ্ৰেছ নেতা কৰ্মীসকলে আনকি সাংসদ আব্দুল খালেকৰ ওপৰত দলীয় ব্যৱস্থা ল’বলৈ দাবী জনাইছিল ৷ তাৰোপৰি অ-মুছলমান শব্দ ব্যৱহাৰক লৈ অসন্তুষ্ট জিলা কংগ্ৰেছৰ নেতা কৰ্মীসকলে সাংসদ খালেকক ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈকো দাবী জনাইছিল ৷ কংগ্ৰেছৰ অভিধানত অ-মুছলমানৰ অৰ্থ আৰু কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষতাৰ সংজ্ঞা বিচাৰি ক্ষুব্ধ কংগ্ৰেছ নেতা কৰ্মীয়ে অনিৰ্দিষ্টকাললৈ ৰাজীৱ ভৱন তলা বন্ধ কৰি দিয়াৰ পিছতো বিষয়টোক লৈ কংগ্ৰেছৰ দলীয় নেতৃত্বই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷
লগতে পঢ়়কঃমৰাণত চক্ৰধৰ গগৈৰ বৃহৎ বাইক ৰেলী