ETV Bharat / state

গোহালি ঘৰত ড্ৰাগছ: আৰক্ষী অহাৰ উমান পাই পলায়ন গোলাপ হুছেইনৰ

শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Assam police raid against drugs) অব্যাহত থকাৰ সময়তে সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছসহ এজন লোক ৷

Drugs seize in Barpeta
সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ জব্দ
author img

By

Published : May 25, 2022, 7:01 PM IST

Updated : May 25, 2022, 7:23 PM IST

বৰপেটা 25 মে’: ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission) । শেহতীয়াকৈ সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছসহ এজন লোকক আটক কৰিছে আৰক্ষীয়ে । ঘটনা অনুসৰি, বুধবাৰে দিনৰ ভাগত সৰ্থেবাৰীত আৰক্ষীয়ে সৰ্থেবাৰী থানাৰ অন্তৰ্গত ক্ষুদ্ৰফালাদীৰ বাসিন্দা গোলাপ হুছেইনৰ বাসগৃহত অভিযান চলাই গোহালিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে (Drugs seize in Barpeta) ৷

ইফালে আৰক্ষী অহাৰ উমান পাই ড্ৰাগছ ব্যৱসায় গোলাপ হুছেইন পলায় যাবলৈ সক্ষম হয় ৷ কিন্তু সৰ্থেবাৰী আৰক্ষীয়ে সোধ-পোছৰ কাৰণে হানিফ আলী নামৰ এজন লোকক আটক কৰে ৷ জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় 120 গ্ৰাম পৰিমাণৰ বুলি জানিব পৰা গৈছে ৷ ৮৯ ড্ৰাগছ কন্টেইনাৰত ভৰাই থোৱা আছিল সন্দেহযুক্ত ড্ৰাগছখিনি ৷

সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ জব্দ

আনহাতে, ড্ৰাগছ ব্যৱসায়ী গোলাপ হুছেইনৰ সন্দৰ্ভত সৰ্থেবাৰীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৌৰাংগ দেৱে । স্থানীয় গাঁওৰক্ষী বাহিনীয়ে জনোৱা মতে, বিগত দহ বছৰ ধৰি ড্ৰাগছ ব্যৱসায়ত জড়িত আছিল গোলাপ হুছেইন নামৰ লোকজন ।

ইফালে, বিগত 22 মে‘ৰ দিনা বৰপেটাৰোডত ড্ৰাগছ বিৰোধী অভিযান চলাই কন্টেইনাৰ ভৰ্তি 48.21 গ্ৰাম ড্ৰাগছসহ তিনিজন যুৱকক আৰক্ষীয়ে আটক কৰে (Drug smuggler arrested by Barpeta Road Police) ৷ তাৰ লগতে খটখটী আৰক্ষীয়ে 39 নং ৰাষ্ট্ৰীয় ঘাইপথত খটখটি এছ বি আই শাখাৰ সন্মুখত চলোৱা নিয়মীয়া তালাচী চলাই এখন যাত্ৰীবাহী নৈশ বাছত তালাচী চলাই অবৈধভাৱে সৰবৰাহ কৰি অহা বাৰ্মিজ সামগ্ৰীৰ প্ৰায় শতাধিক কাৰ্টন জব্দ কৰিবলৈ সক্ষম হয় (Burmese seized by Khatkhti Police) ।

লগতে পঢ়ক : বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত স্বাৱলম্বী হোৱাৰ দিশে অসম

Last Updated : May 25, 2022, 7:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.