ETV Bharat / state

গো-মাফিয়া খাইৰুল ইছলামক আদালতত হাজিৰ

বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হ'ল গো-মাফিয়া খাইৰুল ইছলামক । হাউলী আৰক্ষীয়ে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় গৰু ছিণ্ডিকেটৰ মূল মাফিয়া খাইৰুলক ।

Cattle smuggler Khairul Islam
খাইৰুল ইছলামক আদালতত হাজিৰ
author img

By

Published : Jun 3, 2021, 7:18 PM IST

বৰপেটা, ৩ জুন: যোৱা ২৮ মে'ত আক্ষীৰ জালত পৰা গৰু ছিণ্ডিকেটৰ মূল মাফিয়া খাইৰুল ইছলামক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হয় । ৫ দিনৰ আৰক্ষী জিম্মাত আছিল খাইৰুল ইছলাম ৷ হাউলী আৰক্ষীয়ে বৃহস্পতিবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় গো-মাফিয়া খাইৰুলক । যোৱা ২৮ মে'ত হাউলী চহৰৰ নিজ বাসগৃহৰ পৰা গো-মাফিয়া খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

বৰ্তমান খাইৰুল ইছলামক তদন্তৰ বাবে পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচৰা নাই ৷ সেয়ে আদালতে অভিযুক্তজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব ৷ উল্লেখ্য যে, বৰপেটাৰ হাউলীত বাহৰ পাতি খাইৰুল ইছলামে অসমৰ বিভিন্ন ঠাইৰ উপৰিও দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অবৈধভাৱে গৰু সৰবৰাহ কৰি বাংলাদেশলৈ চালান দি আহিছিল ৷

Cattle smuggler Khairul Islam
খাইৰুল ইছলামক আদালতত হাজিৰ

আৰক্ষী-প্ৰশাসন আৰু ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত গঢ়ি তোলা বৃহৎ গৰু চিণ্ডিকেট চক্ৰৰ জৰিয়তে খাইৰুল ইছলামে গঢ়ি তুলিছিল অগাধ সম্পত্তিৰ পাহাৰ ৷ অৱশ্যে ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পিছতেই গৰু চিণ্ডিকেটৰ মাফিয়াজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও আৰক্ষীৰ তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বৰপেটাৰ বিভিন্ন দল-সংগঠনে ৷ পাঁচ দিনৰ আৰক্ষী জিম্মাত থকা খাইৰুলক আৰক্ষীয়ে ৰাজ আতিথ্য প্ৰদান কৰাৰ লগতে গো-মাফিয়াজনৰ সম্পত্তিসমূহক লৈ কোনো তদন্ত কৰা নাই বুলি আছুকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰশ্ন উত্থাপন কৰি আহিছে ৷

লগতে পঢ়ক:কন্টেইনমেন্ট জ’নত আৱদ্ধ মহাৰাণী বাসীয়ে পোৱা নাই পৰ্যাপ্ত খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.