ETV Bharat / state

বৰপেটাত ব্ৰাউন চুগাৰসহ দুই যুৱকক গ্ৰেপ্তাৰ

author img

By

Published : Aug 12, 2021, 10:27 AM IST

বৰপেটা অব্যাহত আছে ড্ৰাগছ(Drugs)ৰ ৰমৰমীয়া বেহা । বুধবাৰে বৰপেটা চহৰৰ সমীপৰ কেওটকুছিত আৰক্ষীয়ে ব্ৰাউন চুগাৰ(Brown Sugar)সহ দুই যুৱকক গ্ৰেপ্তাৰ কৰে । ধৃত যুৱক দুজন ৰাহুল চৌধুৰী আৰু কলহভাঙাৰ সমীৰ নাথ ৷

Barpeta police arrested two boys with brown sugar
বৰপেটাত ব্ৰাউন চুগাৰসহ দুই যুৱকক গ্ৰেপ্তাৰ

বৰপেটা, ১২ আগষ্ট : কঠোৰ শাস্তিলৈ ভয় নকৰে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে । আৰক্ষীয়ে বাৰে বাৰে নিচাযুক্ত দ্ৰব্যৰ বেহা বন্ধ কৰিবলৈ সকীয়নি দি অহাৰ পাছতো ভ্ৰূক্ষেপ নাই এই লোকসকলৰ । আৰক্ষীৰ চকুত ধূলি দি চলাই আছে ড্ৰাগছৰ ব্যৱসায় । বুধবাৰে বৰপেটা চহৰৰ সমীপৰ কেওটকুছিত আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ দুই যুৱকক গ্ৰেপ্তাৰ কৰে ।

ধৃত যুৱক দুজন হাউলী চহৰৰ ২ নং ৱাৰ্ডৰ ৰাহুল চৌধুৰী আৰু বৰপেটাৰোড চহৰৰ কলহভাঙাৰ সমীৰ নাথ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে কেওটকুছি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তালাচী চলাই থকা অৱস্থাতে যুৱক দুজনৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি ১০টা কণ্টেইনাৰ জব্দ কৰে ।

লগতে যুৱক দুজনে ব্যৱহাৰ কৰা এখন বাইক জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত পুনৰ আন দুগৰাকী যুৱকক কৰায়ত্ত কৰিছে ৷ আৰক্ষীয়ে যুৱক দুজনক সোধা-পোছা কৰিছে যদিও বৰ্তমানলৈকে যুৱক দুজনৰ পৰিচয় ফাদিল কৰা নাই ৷

নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত একেটা দিনতে ৪ জনকৈ যুৱক আৰক্ষীৰ জালত পৰা ঘটনাক লৈ বৰপেটাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জিলাখনত একাংশ অসাধু লোকে মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা চলাই নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে । আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই বহু ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে । কিন্তু একাংশই বৰ্তমানেও এই বেহা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: অসমত তৃণমূল কংগ্ৰেছৰ দায়িত্বত নৱ শৰণীয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.