ETV Bharat / state

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ১ কোটি ৭৫ লাখ টকাৰ কেলেংকাৰী - barpeta mc college ishan udoy scam

বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ঈশান উদয় স্ক'লাৰশ্বীপৰ নামত সংঘটিত হৈছে প্ৰায় ১ কোটি ৭৫ লাখ টকাৰ কেলেংকাৰী ৷ এটা দুষ্ট চক্ৰই সংঘটিত কৰিছে এই ভয়াৱহ কেলেংকাৰী ৷

barpeta mc college ishan udoy scam
বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ১ কোটি ৭৫ লাখ টকাৰ কেলেংকাৰী
author img

By

Published : Feb 12, 2021, 9:31 PM IST

বৰপেটা, ১২ ফেব্ৰুৱাৰীঃ ঈশান উদয় স্ক'লাৰশ্বীপৰ নামত বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত সংঘটিত হৈছে প্ৰায় ১ কোটি ৭৫ লাখ টকাৰ কেলেংকাৰী ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ নামত এটা দুষ্ট চক্ৰই সংঘটিত কৰিছে এই ভয়াৱহ কেলেংকাৰী ৷

অভিযোগ অনুসৰি মহাবিদ্যালয়খনৰ প্ৰকৃত ৯২ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ৩৮৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ নাম অন্তৰ্ভূক্ত হৈছে ইউজিচিৰ ঈশান উদয় স্ক'লাৰশ্বীপৰ তালিকাত ৷ এই ইউজিচিৰ ঈশান উদয় স্ক'লাৰশ্বীপৰ তালিকা প্ৰস্তুত কৰাত সংঘটিত হোৱো জালিয়াতিৰ সন্দৰ্ভত ইতিমধ্যে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ প্ৰকাশ শৰ্মাই বৰপেটা সদৰ থানাত এক গোচৰ ৰুজু কৰিছে ৷

barpeta mc college ishan udoy scam
বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ১ কোটি ৭৫ লাখ টকাৰ কেলেংকাৰী

মহাবিদ্যালয়ৰ অধ্যক্ষজনৰ মতে মহাবিদ্যালয়খনৰ এগৰাকী কৰ্মচাৰীৰ সহযোগত এটা দুষ্ট চক্ৰই মহাবিদ্যালয়ৰ পাছৱৰ্ড আৰু অ'টিপি ব্যৱহাৰ কৰিছিল ৷ ইয়াৰ সমান্তৰালভাৱে দুষ্ট চক্ৰটোৱে মহাবিদ্যালয়ৰ অধ্যক্ষৰ চহী নকল কৰি ছাত্ৰ ছাত্ৰীৰ ভূৱা নামত আবেদন কৰাৰ কথা ড৹ প্ৰকাশ শৰ্মাই সাংবাদিকক জানিবলৈ দিছে ৷ অৱশ্যে অধ্যক্ষৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে বৰপেটা আৰক্ষীয়ে ৷

উল্লেখ্য যে, ঈশান উদয় স্ক'লাৰশ্বীপৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে বছৰেকত প্ৰায় ৬০ হাজাৰ টকাৰ লাভ কৰিছিল ৷

লগতে পঢ়ক: অসম বচাওঁ আহক কাৰ্যসূচীৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.