বৰপেটা,২৯ জুলাইঃ বৰপেটা জিলা কাৰাগাৰত কাৰাবন্দীৰ স্বাৱ পৰীক্ষাত আজি ১৭ কাৰাবন্দীৰ দেহত ক'ভিড পজিটিভ চিনাক্ত কৰা হৈছে ৷ পূৰ্বে জিলা কাৰাগাৰৰ ৪৭জন কাৰাবন্দীৰ দেহত ক'ভিড পজিটিভ চিনাক্ত হৈছিল ৷ বুধবাৰে স্বাৱ পৰীক্ষাত পুনৰ ১৭ কাৰাবন্দীৰ দেহত ক'ভিড পজিটিভ চিনাক্ত হোৱাৰ পিচত বৰপেটা জিলা কাৰাগাৰত ক'ৰণাত আক্ৰান্ত কাৰাবন্দীৰ সংখ্যা ৬৪ জনলৈ বৃদ্ধি পালে ৷
উল্লেখ্য যে,বৰপেটা জিলা কাৰাগাৰত ২৫৫ জন কাৰাবন্দী আছে আৰু তেওঁলোকৰ স্বাৱ পৰীক্ষা কৰি থকা হৈছে ৷ ইপিনে বৰপেটা জিলাত বুধবাৰে ১৭ গৰাকী কাৰাবন্দীৰ উপৰিও আন ১৩ জন লোক ক'ভিড পজিটিভ চিনাক্ত হয় ৷ ক'ৰণাত আক্ৰান্ত সকলৰ ভিতৰত বৰপেটা মেডিকেল কলেজ হাস্পতালৰ দুগৰাকী কৰ্মচাৰীও আছে ৷ আনহাতে বৰপেটাৰোড বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰীৰ লগতে বৰপেটাৰোড চহৰৰ আন তিনিজন লোকৰ দেহতো ক'ভিড পজিটিভ চিনাক্ত হয় ৷ জিলাখনৰ কলগাছিয়া,কাটাঝাৰ,বেলৰটাৰী,আদি গাঁৱৰো কেবাজনো লোক ক'ভিড পজিটিভ চিনাক্ত হৈছে ৷
লগতে চাওকঃ লক ডাউনৰ পিছত চাহিদা বৃদ্ধি পাইছে চাইকেলৰ