বৰপেটা, ২৭ জুলাই : সোমবাৰে মিজো সীমান্ত (Assam Mizoram border)ৰ লাইলাপুৰত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা 6 গৰাকী আৰক্ষীৰ জোৱানৰ ভিতৰত আছে বৰপেটাৰ হাউলীৰ কদমগুৰি গাঁৱৰ মৃত হাবেজউদ্দিনৰ পুত্ৰ নাজমূল হক । মৃত্যুৰ সময়ত নাজমূল হকৰ বয়স আছিল ৪০ বছৰ ৷ ২০০১ চনত বৰপেটাৰ হাউলীৰ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ অসম আৰক্ষীৰ ৬ নং ABPN ত যোগদান কৰিছিল নাজমূলে । কিন্তু সোমবাৰে তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলবাসীকে শোকাহত কৰি তুলিছে ।
সোমবাৰে দেহত গুলী লগাৰ পিচতে ঘৰলৈ ফোন কৰিছিল জোৱানজনে ৷ নাজমূল হকৰ জ্যেষ্ঠ ভাতৃয়ে জানিবলৈ দিয়া মতে, ছয়জন ভাই-ককাই আৰু তিনিগৰাকী ভগ্নীৰ ভিতৰত নাজমূল আছিল কনিষ্ঠ পুত্ৰ ৷ পৰিয়ালটোৰ নাজমূলেই আছিল একমাত্ৰ চাকৰিয়াল ৷
নাজমূল হক শিলচৰত কৰ্মৰত হৈ থকাৰ লগতে তেওঁৰ সৈতে একেলগে শিলচৰতে আছিল পত্নী আৰু দুই সন্তান ৷
মৃত্যুৰ সময়ত বৃদ্ধ মাতৃ আৰু ভাই-ভনীৰ লগতে পত্নী তথা দুই শিশু সন্তানক এৰি গৈছে আৰক্ষী জোৱানজনে ৷ সন্তান দুটাৰ এটাৰ বয়স ১১ বছৰ আৰু আনটোৰ বয়স ৮ বছৰ ৷ প্ৰায় তিনিমাহ পূৰ্বে ঘৰলৈ আহি গৈছিল নাজমূল ৷
ইপিনে কেন্দ্ৰ আৰু দুয়োখন ৰাজ্যতে যি সময়ত বিজেপিয়ে শাসন কৰি আছে, তেনে সময়তে এনেদৰে নিজ দেশৰ ভিতৰতে আৰক্ষীৰ গুলীত শ্বহীদ হ’বলগীয়া হোৱাটোক দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰিছে নাজমূলৰ পৰিয়ালৰ লোকে ৷ চীন, পাকিস্তান বা বাংলাদেশৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হ’বলগা হ’লে দুখ নালাগিলহেঁতেন বুলিও মন্তব্য পৰিয়ালৰ লোকে ৷ আনহাতে নাজমূলৰ দৰে যাতে আন কোনো এনেদৰে শ্বহীদ হ’বলগা নহয় তাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)ক শীঘ্ৰে সীমা সমস্যা সমাধানৰ আহ্বান জনায় পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক : DHD ৰ প্ৰাক্তন কেডাৰৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা