ETV Bharat / state

এহেজাৰ টকীয়া লোভঃ বৰপেটাত পঞ্চায়ত সচিবক গ্ৰেপ্তাৰ

author img

By

Published : Oct 28, 2020, 4:30 PM IST

গাঁও পঞ্চায়তৰ আঁচনি ৰূপায়ন আৰু হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত বৰপেটাৰ বাগোদি গাঁও পঞ্চায়তৰ সচিব আব্দুৰ ৰহমান চিদ্দিকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

barpeta-gp-secretary-arrested
এহেজাৰ টকীয়া লোভঃ বৰপেটাত পঞ্চায়ত সচিবক গ্ৰেপ্তাৰ

বৰপেটা, ২৮ অক্টোবৰঃ বৰপেটা জিলাৰ বাগোদী গাঁও পঞ্চায়তৰ সচিব আব্দুৰ ৰহমান ছিদ্দিকিক বুধবাৰে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ বাগোদী গাঁও পঞ্চায়তৰ সচিব আব্দুৰ ৰহমান চিদ্দিকীয়ে গাঁও পঞ্চায়তখনৰ সভাপতি মমতাজ আলীৰ সহযোগত আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগত পঞ্চায়ত সচিব গৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বিশেষকৈ লক ডাউনৰ সময়ছোৱাত চৰকাৰে একাংশ দুখীয়া পৰিয়ালক একহাজাৰ টকাকৈ আগবঢ়োৱাৰ বাবে হিতাধিকাৰীৰ তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগতে সচিবগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

অভিযোগ অনুসৰি লক ডাউনত ক্ষতিগ্ৰস্ত দুখীয়া পৰিয়ালক এক হাজাৰকৈ টকা প্ৰদানৰ ক্ষেত্ৰত সচিবগৰাকীয়ে অনিয়ম সংঘটিত কৰিছিল ৷ আনহাতে বৃদ্ধ পেঞ্চন প্ৰদানৰ ক্ষেত্ৰতো পঞ্চায়ত সচিবগৰাকীয়ে অযোগ্য ব্যক্তিৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা আৰু ভুৱা জব কাৰ্ডৰ জৰিয়তে আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল সচিবগৰাকীৰ বিৰুদ্ধে ৷ উক্ত অনিয়ম সম্পৰ্কে বৰপেটা সদৰ থানাত গোচৰ ৰুজু হোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো অভিযোগ দাখিল কৰা হৈছিল ৷ গাঁও পঞ্চায়তৰ আঁচনি ৰূপায়ণ আৰু হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত বৰপেটাৰ বাগোদি গাঁও পঞ্চায়তৰ সচিব আব্দুৰ ৰহমান চিদ্দিকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
লগতে পঢ়ক: কৰ্মচাৰীক প্ৰহাৰ কৰাক লৈ নগাঁৱৰ এটা পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.