ETV Bharat / state

বৰপেটাত বানৰ ভয়ংকৰ ৰূপ : বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই

author img

By

Published : Jun 19, 2022, 8:13 PM IST

ৰাজ্য়ত অপৰিৱৰ্তিত বান পৰিস্থিতি(Floods cause extensive damage in Assam) । প্ৰতিদিনেই বুৰাইছে ন ন অঞ্চল । বৰপেটাতো বানে লৈছে ভয়ংকৰ ৰূপ । দেওবাৰে বৰেপেটা মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ বুজ ল’লে বান পৰিস্থিতিৰ(Minister Piyush Hazarika in Barpeta) ।

Minister Piyush Hazarika in Barpeta
বৰপেটাত বানৰ ভয়ংকৰ ৰূপ: বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী পিযুষ হাজৰিকাই

বৰপেটা ১৯ জুন : ক্ৰমাৎ জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি(Floods cause extensive damage in Assam) । সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে বৰপেটাতো অব্যাহত বানৰ সংহাৰ(Flood in Barpeta) । দেওবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই বৰপেটাত উপস্থিত হৈ বুজ ল’লে বৰপেটাৰ বান পৰিস্থিতিৰ(Minister Piyush Hazarika in Barpeta) ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে দেওবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই বৰপেটা সত্ৰত উপস্থিত হৈ জলমগ্ন হৈ পৰা বৰপেটা সত্ৰৰ পৰিস্থিতিৰো বুজ লয় ৷ বৰপেটাৰ বান পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে বৰপেটা সত্ৰক বানৰ পৰা ৰক্ষাৰ বাবে পৰৱৰ্তী সময়ত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷ বৰ্তমান পৰিস্থিতিত বানাক্ৰান্তক উদ্ধাৰ, আশ্ৰয় আৰু সাহায্য প্ৰদান কৰাটোহে প্ৰধান কাম বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ সেয়ে বৰপেটা সত্ৰ আৰু চহৰখনৰ বাবে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰিব ৷

আনহাতে মন্ত্ৰীগৰাকীয়ে নদীবান্ধ সন্দৰ্ভতো প্ৰদান কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ৷ বিশেষকৈ কুৰিশ্ৱু বান্ধৰ পানীয়ে বৰপেটা, বজালী, বঙাইগাঁৱত ভয়াৱহ সমস্যা সৃষ্টি কৰাৰ সম্পৰ্কত মন্ত্ৰীগৰাকীৰ মন্তব্য কৰে যে, কুৰিশ্বু বান্ধৰ পৰা পানী আহিবই আৰু এয়া এক আন্তঃৰাষ্ট্ৰীয় বিষয় ৷

বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই

তেওঁ লগতে কয় ‘‘ভূটানক পানী এৰি নিদিবলৈ ক’লেই তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় আদালতত গোচৰ দি দিব পাৰে ৷ বাংলাদেশে যদি ব্ৰহ্মপুত্ৰৰ পানী এৰি নিদিবলৈ কয় তেন্তে ৰাখিমেই বা কেনেকৈ’’ ৷ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই কাৰ্বি লাংপি প্ৰকল্পক লৈয়ো আগবঢ়াই মন্তব্য ৷ ৰহা আৰু জাগীৰোডৰ মানুহে যদি কাৰ্বি লাংপি প্ৰকল্পটো বন্ধ কৰিবলৈ কয় তেন্তে বিদ্যুৎ ক'ৰ পৰা দিম বুলি প্ৰশ্ন তোলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

অৱশ্যে তাৰ মাজত সমাধান সূত্ৰৰে কাম কৰিব লাগিব বুলি দোহাৰে মন্ত্ৰী গৰাকীয়ে ৷ এই ক্ষেত্ৰত ভূটানৰ সৈতে আমাৰ সম্পৰ্ক আৰু অধিক দৃঢ় কৰিব লাগিব বুলি মন্তব্য কৰে ৷ ইতিমধ্যে কাৰ্বি লাংপিং জলবিদ্যুৎ প্ৰকল্পৰ সৈতে আলোচনা হোৱাৰ কথা উল্লেখ কৰি ভূটানৰ সৈতেও কালি কথা পতা হৈছে আৰু পানী একেলগে এৰি নিদি পৰ্যায়ক্ৰমে এৰি দিবলৈ জনোৱা আহ্বানৰ কথা উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

ইপিনে বাক্সা জিলাৰ এলেংমাৰীত চলি থকা বেকীৰ খহনীয়াৰ সাময়িক প্ৰতিৰোধৰ বাবে বাঁহৰ ক্ৰীপ বনোৱাৰ কথা উল্লেখ কৰি সম্প্ৰতি এলেংমাৰীৰ মথাউৰি নিৰাপদে থকা বুলি উল্লেখ কৰে ৷ আনহাতে বেকীৰ খহনীয়া প্ৰতিৰোধৰ বাবে এশ পঞ্চাশ কোটি টকাৰ আঁচনিৰ নিবিদা হৈ যোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগত পঢ়ক: ৰঙিয়াত বানৰ সংহাৰ : বিদ্যুৎ যোগান সম্পূৰ্ণভাৱে ব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.