ETV Bharat / state

বৰপেটাত নিৰ্বাচনৰ বাবে অধিগৃহীত যানবাহনৰ চালক-পৰিচালকৰ দুৰাৱস্থা

মঙলবাৰে অনুষ্ঠিত হ’বলগা ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ৷ ইয়াৰ মাজতে নিৰ্বাচনৰ বাবে অধিগ্ৰহণ কৰা বাহনৰ চালক-পৰিচালকৰ দুৰাৱস্থাৰ অভিযোগ উত্থাপিত হৈছে বৰপেটাত ৷ এটুপি বিশুদ্ধ খোৱাপানী আৰু নিম্নতম সুবিধাৰ পৰাও বঞ্চিত হৈছে বৰপেটাৰ চাল-পৰিচালক সকল ৷

author img

By

Published : Apr 23, 2019, 2:21 AM IST

বৰপেটাত নিৰ্বাচনৰ বাবে অধিগৃহীত যানবাহনৰ চালক-পৰিচালকৰ দুৰাৱস্থা

বৰপেটা, 23 এপ্ৰিলঃ মঙলবাৰে অনুষ্ঠিত হ’ব বৰপেটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ ৷ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়াসকল ৷ ইপিনে নিৰ্বাচনৰ কামত ব্যৱহাৰৰ বাবে বৰপেটা জিলা প্ৰশাসনে অধিগ্ৰহণ কৰা যানবাহনৰ চালকসকলে খাদ্যৰ লগতে খোৱাপানীৰ সুব্যৱস্থা নাই বুলি অভিযোগ তুলিছে ৷ ইতিমধ্যে, ভোটগ্ৰহণৰ কামত নিয়োজিত বিষয়াসকলক লৈ প্ৰায়বোৰ যানবাহন ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে যদিও এতিয়াও বহু যানবাহন বৰপেটা জিলা প্ৰশাসনৰ যানবাহন নিয়ন্ত্ৰণ কক্ষতে আছে ৷ ইপিনে যানবাহনৰ চালক, পৰিচালকসকলে অভিযোগ কৰামতে, তেওঁলোকে খোৱাপানী টুপিও পাবলৈ সক্ষম হোৱা নাই ৷ বাহনসমূহ 20 তাৰিখেই অধিগ্ৰহণ কৰিছিল ৷ কিন্তু যানবাহন নিয়ন্ত্ৰণ কক্ষত নাই খোৱাপানীৰ কোনো ব্যৱস্থা ৷ যাৰফলত চালকসকলে দোকানৰ পৰা ক্ৰয় কৰি খাবলগীয়া হৈছে পানী ৷ ইয়াকে লৈ গাড়ীৰ চালকসকলে ক্ষোভ প্ৰকাশ কৰিছে ৷ আনহাতে নিয়ন্ত্ৰণ কক্ষত স্থাপন কৰা অস্থায়ী শৌচাগাৰসমূহৰ অৱস্থা অতি শোচনীয় বুলি অভিযোগ কৰিছে চালকসকলে ৷

চালক-পৰিচালকৰ দুৰাৱস্থা ছবি

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.