ETV Bharat / state

বৰপেটাত ৰোগীৰ আত্মীয়ক ধন দাবী প্ৰসংগত অভিযুক্ত চিকিৎসকৰ প্ৰতিক্ৰিয়া - ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতাল

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শৈল্য চিকিৎসা বিভাগৰ চিকিৎসক ডাঃ কৈলাশ কুমাৰ ঠাকুৰীয়াৰ এটা ভিডিঅ'ক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ চিকিৎসা মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপকগৰাকীয়ে এগৰাকী মহিলাৰ অস্ত্ৰোপচাৰৰ বাবদ পাঁচ হাজাৰ টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ আত্মীয়ই ৷

barpeta doctor demand money for surgery assam etv bharat newsbarpeta doctor demand money for surgery assam etv bharat news
বৰপেটা কাণ্ড
author img

By

Published : Mar 15, 2020, 7:49 PM IST

বৰপেটা,১৫ মাৰ্চঃ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হাস্পতালৰ শৈল্য বিভাগৰ চিকিৎসক ডাঃ কৈলাশ ঠাকুৰীয়াৰ এটি ভাইৰেল ভিডিঅ’য়ে খলকনি তুলিছে সমগ্ৰ বৰপেটাত ৷ এগৰাকী মহিলাৰ অস্ত্ৰোপচাৰৰ বাবদ পাঁচ হাজাৰ টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছিল মহিলাগৰাকীৰ আত্মীয়ই ৷ চিকিৎসকগৰাকীৰ সৈতে ৰোগীৰ আত্মীয়ৰ ধনক লৈ চলা কথোপকথনৰ কথা বন্দী হৈছিল ভিডিঅ'টোত ৷ ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিচতে ঘটনাটোক লৈ আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ একাংশ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে ৰোগীৰ পৰা প্ৰায়ে উৎকোচ বিচৰা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে এই ভিডিঅ'টোক লৈ চলিচে ব্যাপক চৰ্চা ৷ প্ৰকৃততে কি চলিছে চৰকাৰী চিকিৎসালয়সমূহত সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে বৰ্তমান থিয় দিছে ৷

উপযুক্ত শাস্তি প্ৰদানৰ আহ্বান উপায়ুক্তক

ইফালে ঘটনা সন্দৰ্ভত চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ এয়া এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে চিকিৎসক গৰাকীয়ে ৷ আনকি এই ষড়যন্ত্ৰৰ আঁৰত থকাসকলক ধৰা পেলোৱা বুলি প্ৰকাশ কৰে চিকিৎসক গৰাকীয়ে ৷

ৰোগীৰ আত্মীয়ক ধন দাবী

উল্লেখ্য যে, কৈলাশ ঠাকুৰীয়াই ব্যক্তিগতভাৱে অস্ত্ৰোপচাৰ কৰাৰ বাবেহে 5 হাজাৰ টকাৰ কথা কৈছিল বুলি মন্তব্য কৰিছে চিকিৎসকগৰাকীয়ে ৷ অৱশ্যে বৰপেটাৰ কোনখন ব্যক্তিগত চিকিৎসালয়ত মাথো ৫ হাজাৰ টকাত এপেণ্ডিকচৰ অস্ত্ৰোপচাৰ কৰা হয় সেয়া প্ৰকাশ নকৰিলে চিকিৎসক গৰাকীয়ে ৷ অস্ত্ৰোপচাৰৰ নামত ৰোগীৰ আত্মীয়ক ধন দাবীক লৈ ভাইৰেল হোৱা ভিডিঅ’টোৰ পিছতে চিকিৎসক গৰাকীয়ে প্ৰকাশ কৰা এই প্ৰতিক্ৰিয়া কিমানদুৰ গ্ৰহণযোগ্য সেয়া ৰাইজে বিচাৰ কৰিব ৷ ইপিনে ভিডিঅ'টো ভাইৰেল কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে চিকিৎসক কৈলাশ কুমাৰ ঠাকুৰীয়াই ৷

লগতে চাওকঃচৰকাৰী চিকিৎসালয়ৰ ঘোচখোৰ ডাক্তৰঃ গোপন কেমেৰাৰ EXCLUSIVE দৃশ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.