ETV Bharat / state

Kisan Vijay Diwas : বৰপেটাত কংগ্ৰেছৰ "কৃষক বিজয় দিৱস" পালন - Barpeta District Congress Committee

শনিবাৰে বৰপেটা ৰাজীৱ ভৱনত "কৃষক বিজয় দিৱস"(Kisan Vijay Diwas) পালন কৰা হয় । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটী(assam pradesh congress committee)ৰ নিৰ্দেশত পালন কৰা হয় "কৃষক বিজয় দিৱস" ৷

Kisan Vijay Diwas
বৰপেটাত কংগ্ৰেছৰ "কৃষক বিজয় দিৱস" পালন
author img

By

Published : Nov 20, 2021, 5:43 PM IST

বৰপেটা, ২০ নৱেম্বৰ: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটী(assam pradesh congress committee)ৰ নিৰ্দেশত শনিবাৰে বৰপেটা ৰাজীৱ ভৱনত "কৃষক বিজয় দিৱস"(Kisan Vijay Diwas) পালন কৰা হয় । কৃষক বিজয় দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত বৰপেটাৰ ৰাজীৱ ভৱনত কৃষক বিৰোধী তিনিখন ক'লা আইন বাতিলৰ দাবীত হোৱা সত্যাগ্ৰহত প্ৰাণাহুতি দিয়া শ্বহীদ কৃষকসকললৈ "শ্ৰদ্ধাঞ্জলি" জনোৱা হয় ৷

উক্ত কাৰ্যসূচীত বৰপেটা জিলাৰ অন্তৰ্গত দলৰ সকলো স্তৰৰ বিষয়ববীয়া ও কৰ্মকৰ্তা উপস্থিত থাকে ৷ পৰৱৰ্তী সময়ত বৰপেটা জিলা কংগ্ৰেছ কমিটী(Barpeta District Congress Committee)ৰ সভাপতি আব্দুৰ ৰহিম খানে এখন সংবাদ মেলৰ আয়োজন কৰে । সংবাদমেলত আব্দুৰ ৰহিম খান কয় যে, ভাৰতবৰ্ষৰ কৃষকে ঐক্যৱদ্ধভাৱে কৰা আন্দোলন ইতিহাসৰ পাতত জিলিকি থাকিব ৷

বৰপেটাত কংগ্ৰেছৰ "কৃষক বিজয় দিৱস" পালন

লগতে পঢ়ক: new committee of assam pradesh congress : কিয় গঠন হোৱা নাই প্ৰদেশ কংগ্ৰেছৰ নতুন সমিতি ?

তেখেতসকলৰ পৰা ৰাজনৈতিক আৰু অৰাজনৈতিক দল সমূহে শিকিবলগীয়া আছে ৷ ১৯ নৱেম্বৰৰ দিনটোত ভাৰতবৰ্ষৰ বাবে এটা ঐতিহাসিক দিন বুলি উল্লেখ কৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ ভুল, ব্যৰ্থতা স্বীকাৰ কৰি কৃষি আইন বাতিল কৰিবলৈ বাধ্য হৈছে ৷ ইয়াৰোপৰি কৃষি আইনত স্বাক্ষৰ কৰাৰ বাবে ৰাষ্ট্ৰপতিকো ধিক্কাৰ আৰু গৰিহনা দিয়ে আব্দুৰ ৰহিম খানে ৷

আনহাতে অসমৰ অস্থিত্ব ৰক্ষাৰ বাবে সকলো দল সংগঠনক ঐক্যৱদ্ধভাৱে কা' আন্দোলনত ভাগ লবলৈ আহ্বান জনায় আব্দুৰ ৰহিম খানে ৷ সংবাদমেলত বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুল ৰহিম খানৰ উপৰিও ধুবুৰীৰ প্ৰাক্তন সাংসদ আব্দুল হামিদ, বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুল লতিফ আৰু প্ৰাক্তন মন্ত্ৰী এম ইব্ৰাহিমও উপস্থিত থাকে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীয়ে অংশ ল'ব লক্ষ্ণৌৰ DGP সন্মিলনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.