বৰপেটা, ১৩ জুন: বৰপেটা চহৰৰ মৰানদীৰ পাৰত য'ত এতিয়া বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয় আছে (Barpeta DC office), সেই স্থানৰ পৰা কাৰ্যালয়টো স্থানান্তৰিত কৰা হ’ব বুলি এক উৰাবাতৰি বিয়পি পৰিছে চ’ছিয়েল মিডিয়াত (Rumor of Barpeta DC office) ৷ বৰপেটা চহৰৰ উত্তৰৰ সোণকুছিত নতুনকৈ জিলা উপায়ুক্তৰ কাৰ্যালয় স্থাপন হ’ব বুলি চৰ্চা চলিছে ৷ একাংশ লোকে কেইবাদিনো ধৰি বৰপেটাৰ সৰ্বত্ৰে চলাইছিল প্ৰচাৰ ৷ সচেতন লোকসকলে এই বিষয়টো অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক বিভিন্ন মাধ্যমেৰে অবগত কৰিছিল ৷
বৰপেটাৰ পৰা সোণকুছিলৈ জিলা উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰক লৈ বৰপেটাত চলি থকা শংকা, উদ্বেগৰ মাজতে বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাজহুৱাকৈ ঘোষণা কৰে যে, বৰপেটাৰ পৰা কোনো কাৰণতে সোণকুছিলৈ স্থানান্তৰ কৰা নহয় বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয় (Barpeta DC office not to move to Sunkuchi) ৷
অৱশ্যে সোণকুছিৰ পৰিৱৰ্তে আন স্থানত জিলা উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰৰ বাবে মাটিৰ সন্ধান চলাই থকা বুলিও মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ একাংশই বৰপেটা জিলাক লৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ তুলিছে স্থানীয় একাংশ লোকে ৷ মন্ত্ৰী দাসৰ ঘোষণাৰ পাচতে এতিয়া যেন উদ্বেগ শাম কাটিছে ৰাইজৰ মাজত ৷
লগতে পঢ়ক : মাহ হালধি লগাই অপেক্ষা কইনাৰ: ঘৰলৈ উভতিল ধুনুৰ নিঠৰ দেহ