ETV Bharat / state

প্ৰতিষেধক গ্ৰহণৰ পিছতো বৰপেটাত কৰ'ণাত আক্ৰান্ত

author img

By

Published : Apr 14, 2021, 9:28 PM IST

প্ৰতিষেধক গ্ৰহণৰ পিছতো কৰ'ণাত আক্ৰান্ত সুন্দৰীদিয়াৰ হিৰণ্য কুমাৰ চৌধুৰী । চৌধুৰী বৰপেটাৰ পাটবাউসী মজলীয়া বিদ্যালয়ৰ শিক্ষক ৷ শিক্ষকজনৰ পত্নী-ভগ্নীও আক্ৰান্ত হৈছে কৰ'ণাত ৷ শনিবাৰে বৰপেটা নগৰ স্বাস্থ্য কেন্দ্ৰত দ্বিতীয় পালি প্ৰতিষেধক লৈছিল চৌধুৰীয়ে ৷

দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ পিছতো বৰপেটাত এজন আক্ৰান্ত কৰ'ণাত

বৰপেটা,১৪ এপ্ৰিল: বৰপেটাত চাঞ্চল্যকৰ ঘটনা । প্ৰতিষেধকৰ দ্বিতীয় পালি লোৱাৰ পিছতো কৰ'ণাত আক্ৰান্ত এগৰাকী লোক । ব্যক্তিগৰাকী জিলাখনৰ সুন্দৰীদিয়াৰ হিৰণ্য কুমাৰ চৌধুৰী । চৌধুৰী বৰপেটাৰ পাটবাউসী মজলীয়া বিদ্যালয়ৰ শিক্ষক ৷ শিক্ষকজনৰ পত্নী-ভগ্নীও আক্ৰান্ত হৈছে কৰ'ণাত ৷

উল্লেখ্য যে, শনিবাৰে বৰপেটা নগৰ স্বাস্থ্য কেন্দ্ৰত দ্বিতীয় পালি প্ৰতিষেধক লৈছিল হিৰণ্য কুমাৰ চৌধুৰীয়ে ৷ প্ৰতিষেধক লোৱাৰ পিছতে দেওবাৰৰ পৰা তেওঁ জ্বৰত ভুগি আছিল ৷ মঙলবাৰে বৰপেটা নগৰ স্বাস্থ্য কেন্দ্ৰত কৰা ৰেপিড টেষ্টৰ পিছত দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । আক্ৰান্ত আটাইকেইজনেই হোম কোৱাৰেণ্টাইন হৈ আছে ৷

ইফালে ক'ভিড প্ৰতিষেধকৰ নিৰ্ভৰযোগ্যতাৰ ক্ষেত্ৰত বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে বৰপেটাৰ এই ঘটনাই পুনৰবাৰ মানুহৰ মনত শংকাৰ সৃষ্টি কৰা দেখা দিছে । ঘটনাৰ পিছতে সমগ্ৰ বৰপেটা জিলাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: কলগাছিয়াত অগ্নি নিৰ্বাপক সপ্তাহ পালন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.