ETV Bharat / state

বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ - বৰপেটা ৰোড

প্ৰাক্তন আছু নেতা তথা বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মনজিৎ দাসৰ পদত্যাগ ৷ বৰপেটাৰ সাংসদ আব্দুল খালেকে অ-মুছলমানক বৰপেটা সদৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা কৰাৰ অভিযোগ তুলি দেওবাৰে বৰপেটাৰোডত সংবাদমেল সম্বোধন কৰি নেতা গৰাকীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে ৷

বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মনজিৎ দাসৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ

author img

By

Published : Apr 11, 2021, 4:45 PM IST

বৰপেটাৰোড,11 এপ্ৰিল: প্ৰাক্তন আছু নেতা তথা বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মনজিৎ দাসৰ পদত্যাগ ৷ বৰপেটাৰ সাংসদ আব্দুল খালেকে অ-মুছলমানক বৰপেটা সদৰ সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা কৰাৰ অভিযোগ তুলি দেওবাৰে বৰপেটাৰোডত সংবাদমেল সম্বোধন কৰি নেতা গৰাকীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে ৷

সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ পাটাছাৰকুছি সমষ্টিৰ তত্বাবধায়ক মনজিৎ দাসে বৰপেটাৰোড প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদমেলত কংগ্ৰেছ দলে ধৰ্মৰ ভিত্তিত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কথা উল্লেখ কৰি দলটোৱে ধৰ্ম নিৰপেক্ষতা ৰক্ষা কৰা নাই বুলি অভিযোগ তোলে ৷ তাৰোপৰি কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্বই অসমীয়া জাতিক ৰক্ষা কৰিব নোৱাৰে বুলি অভিযোগ তোলে বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মনজিৎ দাসে ৷

বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মনজিৎ দাসৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ

বিগত 2016 চনৰ নিৰ্বাচনত বৰপেটা সদৰ সমষ্টিত এআইইউডিএফ-ৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক পৰাজিত কৰা প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানক বৰপেটা জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি প্ৰদান কৰাত ক্ষোভ প্ৰকাশ কৰে মনজিৎ দাসে ৷ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ অ-মুছলমানৰ সংজ্ঞা বিচাৰি বৰপেটা জিলা কংগ্ৰেছৰ ৯ গৰাকীকৈ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰাত সেইসকল কংগ্ৰেছীকো কোনো ধৰণৰ নীতি-নিয়ম নোহোৱাকৈ নিলম্বন কৰা কাৰ্যক লৈ ক্ষুব্ধ হৈ পৰে কংগ্ৰেছ নেতা মনজিৎ দাস ৷

লগতে পঢ়ক: নিৰ্বাচনী আচৰণ বিধিক ‘মোদী আচৰণ বিধি’ হিচাপে পুনৰ নামকৰণ কৰক : মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.