ETV Bharat / state

2021ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ গাদী দখলৰ লক্ষ্য

author img

By

Published : Aug 11, 2020, 9:48 PM IST

বৰপেটাত কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ বিশেষ সভা ৷ সকলো জাতি জনগোষ্ঠী আৰু বিজেপি বিৰোধী সকলো ৰাজনৈতিক দলক লৈ ২১ত কংগ্ৰেছৰ চৰকাৰ গঠনৰ লক্ষ্য ৷

barpeta congres minority cell meeting
2021ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছক শাসনাধিষ্ঠিত কৰাৰ লক্ষ্যঃ প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ

বৰপেটা,11আগষ্টঃ ৰাজ্যৰ সকলো জাতি জনগোষ্ঠী আৰু বিজেপি বিৰোধী প্ৰতিটো ৰাজনৈতিক দলকলৈ ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছক শাসনাধিষ্ঠিত কৰাৰ লক্ষ্য প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ ৷ বৰপেটা ৰাজীৱ ভৱনত মঙলবাৰে বৰপেটা জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখনত অংশগ্ৰহন কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ চলমান খানে ৷

বৰপেটাৰ সাংসদ আব্দুল খালেক, বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে জিলা কংগ্ৰেছৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত মুলতঃ ২১ ৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ সাংগঠনিক দিশ সম্পৰ্কে আলোচনা কৰা হয় ৷

ইপিনে বিজেপি চৰকাৰে ২১ ৰ নিৰ্বাচনত বিধায়ক ক্ৰয় কৰি হলেও চৰকাৰ গঠন কৰাৰ বাবে চেষ্টা চলাব আৰু তাৰবাবেই ৰাজ্যত ব্যাপক দুৰ্নীতি সংঘটিত কৰি থকাৰ কথা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ নেতাগৰাকীয়ে ৷ উল্লেখযোগ্য যে, ২০২১ চনৰ নিৰ্বাচন দলে নহয় ৰাইজে খেলিব বুলিও মন্তব্য কৰি চিপিএম, চিপিআই, ইউডিএফ, বিপিএফৰ লগতে নতুনকৈ আত্মপ্ৰকাশ কৰা সকলো ৰাজনৈতিক দল একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰে প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু গোটৰ অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়কঃ চোৰাং গৰুক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.