ETV Bharat / state

Foreigners Tribunal Notice : একেটা পৰিয়ালক বাৰম্বাৰ বিদেশী সজোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ

author img

By

Published : Dec 13, 2021, 1:00 PM IST

ভাৰতীয় হিচাপে বৈধ প্ৰমাণপত্ৰ লাভৰ পিছতো বাৰম্বাৰ আহিছে বিদেশী ন্যায়াধিকৰণৰ জাননী ৷ আতংকিত হৈ পৰিছে এটা পৰিয়াল ৷ ক’ত আৰু কিদৰে সংঘটিত হৈছে এই ঘটনা ৷ সবিশেষ চাওক এই প্ৰতিবেদনত ৷

declared-indian-in-2016-gets-foreigners-tribunal-notice-again
বিদেশীৰ সন্দেহত বাৰে বাৰে আদালতৰ জাননী

জনিয়া, 13 ডিচেম্বৰ : ভাৰতীয় নাগৰিক হোৱাৰ পাচতো বাৰে বাৰে নাগৰিকত্বৰ প্ৰমাণ দিব লগা হৈছে বহুলোকে ৷ 2019 চনত NRC ৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পূৰ্বে বহু লোকে দাখিল কৰিবলগীয়া হৈছিল ভাৰতীয় নাগৰিকত্বৰ উপযুক্ত প্ৰমাণপত্ৰ ৷ আনকি বহু সময়ত এন আৰ চি-ৰ সেৱা কেন্দ্ৰত প্ৰ-পত্ৰ জমা দিয়াৰ নামত বহু লোকে জ্বলা-কলা খাবলগীয়া হৈছিল ৷ ইয়াৰোপৰি বহু লোকক উপযুক্ত প্ৰমাণপত্ৰৰ ভিত্তিতে জন্মসূত্ৰে ভাৰতীয় বুলি স্বীকৃতি দি হৈছিল ৷ কিন্তু তাৰপিছতো বাৰে বাৰে নিজকে ভাৰতীয় বুলি দাবী কৰিবলগা হৈছিল বহু লোকে ৷

উল্লেখ্য যে, বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে বিদেশী ন্যায়াধীকৰণ প্ৰতিষ্ঠা কৰি প্ৰকৃত ভাৰতীয় নাগৰিক বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ অসমৰ বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ কিন্তু ভাৰতীয় বুলি স্বীকৃতি পোৱাৰ পাচতো বৰপেটাৰ এঘৰলৈ বাৰে বাৰে আহিছে বিদেশী ন্যায়াধীকৰণৰ জাননী ৷

একেটা পৰিয়ালক বাৰম্বাৰ বিদেশী সজোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ

আনকি এন আৰ চিৰ সময়তো একে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল হাউলীৰ এই পৰিয়ালটো ৷ আনকি 2016 চনত ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি পোৱাৰ পাচতো বিদেশীৰ সন্দেহত বাৰে বাৰে আহিছে আদালতৰ জাননী ৷ শেহতীয়াকৈ পুনৰ হাউলী থানাৰ অন্তৰ্গত হালাপাকৰী গাঁৱৰ নবিৰণ নেচা, স্বামী হামেদ আলীক বিগত 26 নৱেম্বৰত বিদেশীৰ সন্দেহত সীমান্ত আৰক্ষীয়ে জাৰি কৰিছে জাননী ৷ যাৰ বাবে একপ্ৰকাৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে পৰিয়ালটো ৷

ঘটনা অনুসৰি, সীমান্ত আৰক্ষীৰ কেচ নং 99/02 ৰ ভিত্তিত বিদেশী ন্যায়াধীকৰণৰ গোচৰ নং 1370/17 ৰ অধীনত জাননী জাৰি কৰি ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ দিবলৈ পাঠশালাস্থিত 10 নং বিদেশী ন্যায়াধীকৰণলৈ যাবলৈ নিৰ্দেশ দিয়ে ৷ একেখন আদালতৰ পৰা পূৰ্বেও এই পৰিয়ালটোলৈ জাননী জাৰি কৰা হৈছিল ৷ ইতিমধ্যে বিগত 2016 বৰ্ষৰ জুলাই মাহতে IM(DT) গোচৰ নং 397/1997 ৰ ভিত্তিত FT CASE NO 17/2015(NEW), FT CASE NO.536/2015 ৰ আধাৰত বিদেশী ন্যায়াধীকৰণ 10th বজালী, পাঠশালাই নেবিৰণ নেচাক জন্মসূত্ৰে ভাৰতীয় বুলি স্বীকৃতি দিয়ে ৷

মহিলাগৰাকীয়ে দীৰ্ঘ আইনী যুঁজৰ অন্তত ভাৰতীয় বুলি স্বীকৃতি পোৱাৰ পাছতো পুনৰ জাননী অহাত সংকটত পৰিছে ৷ কোনো ধৰণৰ উচিত তদন্ত অবিহনে সীমান্ত আৰক্ষীৰ পৰা অহা এনে জাননীয়ে স্থানীয় লোকসকলৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এনেদৰে একোজন প্ৰকৃত নাগৰিকক আইনৰ আওতালৈ আনি অযথা হাৰাশাস্তি দিয়াটো অতিকে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক : Anti CAA movement : স্থিতি সলনি কৰা শিল্পীক মেৰুদণ্ডহীন আখ্যা জুবিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.