ETV Bharat / state

বৰপেটাত পালন জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস - কুষ্ঠ ৰোগ

বৰপেটাত জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি পালন কৰা হয় কুষ্ঠ নিবাৰণী দিৱস ৷ এই ৰোগবিধৰ সজাগতা সন্দৰ্ভত জিলাখনত সজাগতা সভা আৰু সজাগতা সমদলৰো আয়োজন কৰা হয় ৷

বৰপেটাত পালন জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস

author img

By

Published : Jan 30, 2021, 2:07 PM IST

বৰপেটা ৩০ জানুৱাৰী: আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে কুষ্ঠ নিবাৰণী দিৱস ৷ এই উপলক্ষে বৰপেটাতো স্বাস্থ্য বিভাগৰ উদ্যোগত কুষ্ঠ নিবাৰণী দিৱস পালন কৰা হয় ৷ কুষ্ঠ নিবাৰণী দিৱস উপলক্ষে বৰপেটাত আয়োজন কৰা হয় সজাগতা সমদল আৰু সজাগতা সভাৰ ৷

বৰপেটাত পালন জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস

উল্লেখ্য যে,সমগ্ৰ ৰাজ্যজুৰি ১৫ দিনীয়া কাৰ্যসূচীৰে কুষ্ঠ নিবাৰণী সজাগতা পষেক পালনৰ কাৰ্যসূচী হাতত লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ এই ৰোগবিধ মাইক্ৰ' বেক্টেৰিয়াম লেপ্ৰী নামৰ বীজাণুৰ ফলতহে হয় ৷ বহু সময়ে এই ৰোগবিধক লৈ সমাজত অন্ধ্ৰবিশ্বাসৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে এই ৰোগ বিধৰ ওপৰত থকা মানুহৰ ভ্ৰান্ত ধাৰণাক সলনি কৰি মানুহৰ মাজত সজাগতা অনাৰ প্ৰয়াসেৰে আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচীৰ ৷ প্ৰাথমিক অৱস্থাত কুষ্ঠ ৰোগৰ চিকিৎসাৰ দ্ধাৰা এই ৰোগবিধৰ পৰা আৰোগ্য লাভ কৰিব পাৰি ৷ এই ৰোগবিধৰ ওপৰত ল'ব লগীয়া সাৱধানতা সন্দৰ্ভত বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই প্ৰকাশ কৰি কুষ্ঠ ৰোগৰ চিকিৎসাৰ বাবে দুটা পৰ্যায়ৰ চিকিৎসাৰ লগতে চৰকাৰে বিনামুলীয়া ভাৱে চাৰ্জাৰীৰো ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰে ৷

অন্য এক খবৰৰ বাবে : বৰপেটাত কমলাৰ বাবে মামীয়েকে হত্যা কৰিলে ভাগিনীয়েকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.