বৰপেটা, ১২ মে’: বৰপেটা চহৰৰ মাজেৰে যোৱা মন্দিয়া সংযোগী গড়কাপ্তানি পথটো ঠায়ে ঠায়ে জৰাজীৰ্ণ হৈ পৰাৰ ফলত এতিয়া যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে পথচাৰী ৷ ইপিনে পথটোৰ মেটুৱাকুছি অংশত এপষেক পূৰ্বে দুই লাখ টকা ব্যয়েৰে পথটো মেৰামতি কৰিছিল বৰপেটা ৰাজ্যিক পথ সংমণ্ডলে ৷ পিছে এপষেকৰ ভিতৰতে পথটোৰ মাজত সৃষ্টি হ'ল পুনৰ বৃহৎ বৃহৎ গাঁত ৷ স্থানীয় লোকে জনোৱা মতে, নিশাৰ ভিতৰতে ঠিকাদাৰে পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিছিল ৷ পথটোৰ ভগা অংশত পেভাৰ ব্লকেৰে মেৰামতি কৰিছিল যদিও মেৰামতিৰ পিচতে পেভাৰ ব্লক সমূহ এৰাই গৈ পুনৰ বৃহৎ গাঁতৰ সৃষ্টি হৈছে পথটোত ৷ ইয়াৰ ফলত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে পথচাৰী ৷ উল্লেখ্য যে, ৰাইজে শীঘ্ৰে পথচোৱাৰ মেৰামতি কৰি যাতায়াত সুচল কৰি তুলিবলৈ ৰাজ্যিক পথ সংমণ্ডলক দাবী জনাইছে ৷
এপষেকতে খহিল দুই লাখ টকাৰে মেৰামতি কৰা পথ - বৰপেটা
নিশাৰ ভিতৰতে ঠিকাদাৰে পথটোৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিছিল ৷ পথটোৰ ভগা অংশত পেভাৰ ব্লকেৰে মেৰামতি কৰিছিল যদিও মেৰামতিৰ পিচতে পেভাৰ ব্লক সমূহ এৰাই গৈ পুনৰ বৃহৎ গাঁতৰ সৃষ্টি হৈছে পথটোত