কলগাছিয়া,২৮ জুলাই : ৰাজ্যত বান পৰিস্থিতি উন্নত হৈছে যদিও বহু স্থানত গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈছে (Erosion affects Assam)। বিশেষকৈ বৰপেটা জিলাত বেকী নৈৰ খহনীয়াই বিপদ মাতিছে ২ নং বিকল্প ৰাজ্যিক ঘাইপথলৈ (Barpeta Alternate state highway in depth of erosion)। বুধবাৰে নিশাৰে পৰা পুনৰ পথটো খহনীয়াৰ কৱলত পৰিছে । ইতিমধ্যে পথটোৰ আধা অংশ বেকী নৈৰ বুকুত জাহ যোৱা উপক্ৰম হৈছে ।
ইয়াৰ মাজতে প্ৰশাসন তথা জলসম্পদ বিভাগৰ বিৰুদ্ধে গৰজি উঠিছে একাংশ স্থানীয় লোক । তেওঁলোকৰ মতে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে পথটো । কিয়নো দুমাহ পূৰ্বে বিকল্প ৰাজ্যিক ঘাইপথটো বেকী নৈৰ খহনীয়াৰ কৱলত পৰাত বৰপেটা জিলা প্ৰশাসনে জলসম্পদ বিভাগক তৎকালীনভাৱে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল । কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ লেহেমীয়া আৰু দুৰ্নীতিৰ বাবে নিশা হৈ যোৱা এজাক বৰষুণৰ ফলত পুনৰ পথটো খহনীয়াৰ কৱলত পৰাৰ অভিযোগ ৰাইজৰ ।
এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধ আৰু পথ সুৰক্ষাৰ বাবে আৱণ্টিত ধনৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে (Corruption in the prevention of erosion)। খহনীয়া প্ৰতিৰোধৰ কাম জলসম্পদ বিভাগে নিজে কৰি আছে নে কোনো ঠিকাদাৰৰ হতুৱাই কৰি আছে সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও বৰপেটা জিলাৰ উপায়ুক্ত আয়ুস গাৰ্গে এই সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
লগতে পঢ়ক :Jihadi arrested at Barpeta: ৰাজ্যৰ গৃহ বিভাগক জগৰীয়া জাকিৰ হুছেইন শিকদাৰৰ