ETV Bharat / state

কুমাৰ দীপক দাসক লৈ বৰপেটা অগপ সন্তুষ্ট নহয়-জাকিৰ হুছেইন শিকদাৰ - অগপ

এইবাৰ বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কগৰাকীৰ মতে, ৰণক্ষেত্ৰত নাই বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস ৷ বৰপেটা অগপই কুমাৰ দীপক দাসক মনেৰে বিচৰা নাই বুলি কটাক্ষ কৰে বিধায়কগৰাকীয়ে ৷

কুমাৰ দীপকক লৈ বৰপেটা অগপ সন্তুষ্ট নহয় - জাকিৰ হুছেইন শিকদাৰ
author img

By

Published : Apr 16, 2019, 7:31 PM IST

বৰপেটা,16 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰৰ চমক ৷ তাৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক নেতাসকলৰ আক্ৰমণ,প্ৰত্যাক্ৰমণ তথা বোকা চটিওৱাৰ খেল ৷

এইবাৰ বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কগৰাকীৰ মতে, ৰণক্ষেত্ৰত নাই বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস ৷ বৰপেটা অগপই কুমাৰ দীপক দাসক মনেৰে বিচৰা নাই বুলি কটাক্ষ কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে, প্ৰচাৰৰ নামত লাভ কৰা ধন ব্যয় নকৰি কুমাৰ দীপক দাসে জমা কৰাৰহে মন মেলিছে বুলিও অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷

কুমাৰ দীপকক লৈ বৰপেটা অগপ সন্তুষ্ট নহয় - জাকিৰ হুছেইন শিকদাৰ

কেৱল এয়াই নহয়,বৰপেটাৰ বিধায়ক হৈ থকা সময়ত কুমাৰ দীপক দাসে বৰপেটা সমষ্টিৰ উন্নয়নৰ পৰিৱৰ্তে নিজ গৃহ চহৰ বিজনীৰ উন্নয়নতহে অধিক গুৰুত্ব আৰোপ কৰিছিল বুলি কয় বিধায়কগৰাকীয়ে ৷ ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ সময়তো কুমাৰ দীপক দাসে বৰপেটাক গুৰুত্ব নিদিলে বুলি কয় বিধায়কগৰাকীয়ে ৷ কেৱল আৰামী জীৱন কটাবৰ বাবেই কুমাৰ দীপক দাসে বৰপেটাৰ সলনি কামৰূপ গ্ৰাম্য জিলাক ন'ডেল জিলা হিচাপে বাচনি কৰিছিল বুলি অভিযোগ কৰে সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে ৷

ইপিনে, ফণীভূষণ চৌধুৰীকো টাৰ্গেট কৰি লয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ ফণীভূষণ চৌধুৰীক ৰাজ্যখনৰ ভিতৰতেই আটাইতকৈ বেয়া পায় বুলি প্ৰকাশ কৰে বিধায়কজনে ৷ পূৰ্বতে তেখেতৰ প্ৰতি শ্ৰদ্ধা-ভক্তি আছিল বুলি উল্লেখ কৰি মিত্ৰতা ভংগ কৰি মন্ত্ৰীত্ব এৰি কান্দি কাটি বাউলী হোৱা নেতাজনক এতিয়া দেখিব নোৱাৰে বুলি কয় বিধায়কগৰাকীয়ে ৷ আনহাতে,অগপৰ নেতাসকলক বিজেপি নেতাৰ পিচে পিচে ঘূৰি ক্ষমতা বিচৰা নেতা বুলি অভিহিত কৰে বিধায়কগৰাকীয়ে ৷ গাঁৱলীয়া ভাষাত অগপৰ এই নেতাসকলক চামচা বুলি কয় যদিও বিধায়ক কাৰণেই বিধায়ক জাকিৰ হুছেইনে চামচা শব্দটোৰ সলনি এটা বিকল্প শব্দৰ সন্ধানত আছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

Slug:     A_BAR_16APR_806TO808_CONG_MLA_JAKIR_HUSSAIN_BITE_AGAINST_KUMAR_DIPAK_VIS+BITE+PHOTO_BAPKAN_DAS                       

 কুমাৰ দীপক দাসৰ বিৰুদ্ধে সৰৱ সৰুক্ষেত্ৰীৰ কং বিধায়ক জাকিৰ হুছেইন ৷
বৰপেটা অগপ সন্তুষ্ট নহয় কুমাৰ দীপকক লৈ ৷
বিধায়ক জাকিৰে আটাইতকৈ বেয়া পোৱা নেতাজন ফনীভূষণ চৌধুৰী ৷
অগপ নেতাসকলক গাৱলীয়া ভাষাত চামচা বুলি কয়, কিন্তু জাকিৰে চামচা বুলি নকয়, অভিধানত বিচাৰি আছে নতুন শব্দ ৷

বৰপেটা, ১৬ এপ্ৰিলঃ  লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰৰ চমক ৷ তাৰ লগে লগে বৃদ্ধি পাইছে ৰাজনৈতিক নেতাসকলৰ আক্ৰমন প্ৰত্যাক্ৰমন, বোকা ছটিওৱাৰ খেল ৷ এইবাৰ বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ বিৰুদ্ধে সৰব হৈ পৰিছে সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কগৰাকীৰ মতে, ৰণক্ষেত্ৰত নাই বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস ৷ বৰপেটা অগপই হেনো মনেৰে বিচৰা নাই কুমাৰ দীপক দাসক ৷ জাকিৰৰ আন এক অভিযোগ প্ৰচাৰৰ নামত লাভ কৰা ধন ব্যয় নকৰি হেনো কুমাৰ দীপক দাসে জমা কৰাৰহে মন মেলিছে ৷ বিধায়ক জাকিৰৰ আন এক অভিযোগ, বৰপেটাৰ বিধায়ক হৈ থকা সময়ত কুমাৰ দীপক দাসে বৰপেটা সমষ্টিৰ উন্নয়নৰ পৰিৱৰ্তে নিজ গৃহ চহৰ বিজনীৰ উন্নয়নতহে অধিক গুৰুত্ব আৰোপ কৰিছিল ৷ অকল এয়াই নহয়, ৰাজ্যসভাৰ সাংসদ হৈ থকাৰ সময়তো কুমাৰ দীপক দাসে বৰপেটাক নিদিলে গুৰুত্ব ৷ সাংসদৰ নোডেল জিলা হিচাপে বৰপেটাৰ সলনি কুমাৰ দীপক দাসে বাচনি কৰিছিল কামৰূপ গ্ৰাম্য জিলা ৷ কেবল আৰামী জীৱন কটাবৰ বাবেই কুমাৰ দীপক দাসে বৰপেটাৰ সলনি কামৰূপ গ্ৰাম্য জিলাক নোডেল জিলা হিচাপে লোৱা বুলি অভিযোগ কৰে সৰুক্ষেত্ৰীৰ কং বিধায়কগৰাকীয়ে ৷ 
ইপিনে, সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কগৰাকীয়ে অসমৰ আটাইতকৈ বেয়া পোৱা নেতাজনৰ নামো প্ৰকাশ কৰিলে ৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যখনৰ আটাইতকৈ বেয়া পোৱা নেতাজনেই হ'ল অগপৰ ফনীভূষন চৌধুৰী ৷ পূৰ্বতে হেনো শ্ৰদ্ধা ভক্তি আছিল নেতাজনৰ প্ৰতি ৷ পিছে মিত্ৰতা ভংগ কৰি মন্ত্ৰীত্ব এৰি কান্দি কাটি বাউলী হোৱা নেতাজনক এতিয়া দেখিব নোৱাৰে বিধায়কগৰাকীয়ে ৷ 
অগপৰ নেতাসকল ভোটত জিকা নেতাৰ সলনি বিজেপি নেতাৰ পিছে পিছে ঘুৰি ক্ষমতা বিচৰা নেতা বুলিহে অভিহিত কৰে ৷ গাৱলীয়া ভাষাত অগপৰ এই নেতাসকলক চামচা বুলিহে কয় যদিও, বিধায়ক জাকিৰ হুছেইনে পিছে চামচা বুলি নকয় ৷ যিহেতু তেওলোক বিধায়ক, সেয়ে তেওলোকক চামচাৰ সলনি কি অভিধা ব্যৱহাৰ কৰিব পাৰি অভিধান পঢ়িবলৈ লৈছে কং বিধায়ক  জাকিৰ হুছেইন শিকদাৰে ৷
আনহাতে বিজেপিৰ সৈতে ইউডিএফৰ প্ৰেম এতিয়াও ভাঙি যোৱা নাই বুলিও প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

বাইটঃ জাকিৰ হুছেইন শিকদাৰ ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.