ETV Bharat / state

Best electoral practice award: চাৰি বিষয়ালৈ নিৰ্বাচন আয়োগৰ শ্রেষ্ঠ জিলা নির্বাচনী বিষয়াৰ বঁটা

author img

By

Published : Jan 24, 2022, 2:30 PM IST

Updated : Jan 24, 2022, 6:09 PM IST

মঙলবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে মাছখোৱাৰ আই আই টি সভাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে চাৰি বিষয়ালৈ নিৰ্বাচন আয়োগৰ শ্রেষ্ঠ জিলা নির্বাচনী বিষয়াৰ বঁটা প্ৰদান কৰিব (Best electoral practice award) ৷

চাৰি বিষয়ালৈ নিৰ্বাচন আয়োগৰ শ্রেষ্ঠ জিলা নির্বাচনী বিষয়াৰ বঁটা

বৰপেটা, 24 জানুৱাৰী : নাজিৰাত ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ জিলা নিৰ্বাচনী বিষয়াৰ ৰাজ্যিক বঁটা (Best electoral practice award) ৷ মঙলবাৰে অৰ্থাৎ 25 জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে মাছখোৱাৰ আই আই টি সভাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে লখিমী দত্তক এই বঁটা আগবঢ়াব ৷

জানিব পৰা মতে, বিগত বিধানসভা নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ সফলতা আৰু পাৰদৰ্শিতাৰ বাবে অতিৰিক্ত উপায়ুক্ত লখিমী দত্তক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ নিৰ্বাচনৰ সময়ছোৱাত ছবৰীয়া আৰু আঢ়ৈ বছৰীয়া দুই সন্তানক কোলাত লৈ মাতৃত্বৰ দায়িত্বৰ সমান্তৰালভাৱে নিৰ্বাচনী বিষয়া হিচাপে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিছিল ৷ বিষয়াগৰাকীৰ কৰ্তব্যনিষ্ঠতা আৰু নিজৰ দায়িত্বৰ প্ৰতি থকা নিয়মানুৱৰ্তীতাক সন্মান জনাই এই বঁটা প্ৰদান কৰা হ'ব বিষয়াগৰাকীক ৷

আনহাতে, লখিমী দত্তৰ সৈতে ৰাজ্যৰ আন তিনিগৰাকী বিষয়া ক্ৰমে বঙাইগাঁওৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়া, যোৰহাটৰ উপায়ুক্ত ৰৌশনী অপৰাঞ্জি আৰু ৰঙিয়াৰ জিলা নিৰ্বাচনী বিষয়া স্বপনীল পালেও এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷

লগতে পঢ়ক : স্থানীয় ব্যক্তি হ’ব মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী !

Last Updated : Jan 24, 2022, 6:09 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.