ETV Bharat / state

হাউলীত ট্ৰাকৰ খুন্দাত নিহত যুৱক

author img

By

Published : Oct 16, 2019, 6:18 PM IST

বুধবাৰে বৰপেটা জিলাৰ হাউলীত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু বাইকৰ সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী এগৰাকী যুৱক ৷

হাউলীত ট্ৰাকৰ খুন্দাত নিহত যুৱক

বৰপেটা, 16 অক্টোবৰঃ বুধবাৰে হাউলীত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱক ৷ ট্ৰাকৰ খুন্দাত নিহত হোৱা যুৱকজন মীৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ নিহত মীৰ হুছেইনৰ ঘৰ হাউলী দত্তকুছি কদমগুৰিত ৷

হাউলীত পথ দুৰ্ঘটনাক লৈ উত্তেজনা

31নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অশোকা হোটেলৰ সন্মুখতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ গুৱাহাটীৰ পৰা কলিকতা অভিমুখী UP-93BT-4151 নম্বৰৰ ট্ৰাকে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় মীৰ হুছেইন ৷ AS-15P-9530 নম্বৰৰ বাইকেৰে জঁটলগা চ'কৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত উঠিবলৈ লওতেই ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে যুৱকজনক ৷

দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ট্ৰাকখনে পলায়ন কৰে যদিও হাউলী আৰক্ষীয়ে খেদি খেদি ট্ৰাকখন কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে নিহত মীৰ হুছেইনৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে মীৰ হুছেইনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘৰৰ একমাত্ৰ সন্তান মীৰ হুছেইনে পিতৃ-মাতৃৰ লগতে পত্নীৰ আৰু তিনিটা সন্তান এৰি থৈ গৈছে ৷ হুছেইনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷

Intro:

বৰপেটা, ১৬ অক্টোবৰঃ বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দূৰ্ঘটনা ৷ ট্ৰাকৰ খুন্দাত বাইক আৰোহী যুৱকৰ মৃত্যু ৷ মৃত যুৱকজনৰ নাম মীৰ হুছেইন (৩২) ৷ Body:হাউলীৰ দত্তকুছি কদমগুৰিত ঘৰ যুৱকজনৰ ৷ মাছ ব্যৱসায়ী যুৱকজনে হাউলী বজাৰৰ পৰা বাইকেৰে গৈ ৰাষ্ট্ৰীয় ঘাইপথত উঠিবলৈ লওতেই মহতিয়াই নিয়ে এখন ট্ৰাকে ৷ UP 93 BT 4151 নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনৰ খুন্দাত ঠিতাতে নিহত হয় যুৱকজন ৷ যুৱকজনে AS 15 P 9530 নম্বৰৰ আপাচী বাইকএখনেৰে অশোকা হোটেলৰ সমীপৰ জঁটলগা চ'কৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠিবলৈ লওতেই পিচফালৰ পৰা খুন্দা মাৰে দ্ৰুতবেগী ট্ৰাকখনে ৷ দূৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাকখনে পলায়ন কৰে যদিও হাউলী আৰক্ষীয়ে খেদি খেদি গৈ জব্দ কৰে ট্ৰাকখন ৷ আৰক্ষীয়ে জনোৱামতে, গুৱাহাটীৰ পৰা কলিকতা অভিমুখে গৈ আছিল ১২ চকীয়া ট্ৰাকখন ৷ ইপিনে দূৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিচতে হাউলীত উপস্থিত হয় পৰিয়ালৰ লোকসকল ৷ ঘৰখনৰ একমাত্ৰ সন্তান আছিল মৃত যুৱকজন ৷ যুৱকজনৰ মৃত্যুক লৈ এক সৃষ্টি হয় এক শোকাকুল পৰিবেশৰ ৷ পিতৃ মাতৃ আৰু পত্নীৰে সৈতে তিনিটা কন কন শিশু এৰি গৈছে যুৱকজনে ৷

Conclusion:বাইটঃ দুজন লোক ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.