জনীয়া, 25 এপ্ৰিল: কৰ‘ণা ভাইৰাছৰ ভয়াৱহতাৰ ফলত বিধ্বস্ত হৈছে বিশ্বৰ অৰ্থনীতি ৷ ভাৰতীয় অৰ্থনীতিতো পৰিছে ইয়াৰ ব্যাপক প্ৰভাৱ ৷ লক ডাউনৰ সময়ত দুবেলা দুমুঠি অন্ন যোগাৰ কৰিবলৈ অপাৰগ বহু লোক ৷ তেনে ক্ষেত্ৰত দৰিদ্ৰ লোকৰ সহায়ৰ বাবে চৰকাৰেও দৰিদ্ৰ লোকৰ বাবে কৰিছে আৰ্থিক সহায়ৰ ব্যৱস্থা ৷ অৰ্থ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰাত বহু গ্ৰামাঞ্চলৰ লোকৰ বাবে বেংকত সঞ্চয় কৰি থোৱা কষ্টোপাৰ্জিত ধনখিনিয়েই শেষ ভৰষা ৷ কিন্তু বৰপেটা জিলাৰ কলগাছিয়াৰ ভাৰতীয় ষ্টেট বেংক শাখাৰ অধীনস্থ উদমাৰী গাঁৱত অৱস্থিত গ্ৰাহক সেৱা কেন্দ্ৰত বিয়াগোম জালিয়াতিৰ অভিযোগ উত্থাপন হোবাৰ পাছতে সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । উক্ত গ্ৰাহক সেৱা কেন্দ্ৰখনত যোৱা 21 এপ্ৰিল তাৰিখে নাৰ্জিনা পাৰবিন নামৰ গ্ৰাহক গৰাকীৰ পৰা সেৱা কেন্দ্ৰখনৰ পৰিচালক জনে তিনিবাৰকৈ ফিংগাৰ প্ৰিন্ট লৈ পৃথকে পৃথকে 500, 5000 আৰু 500 টকা উঠাই গ্ৰাহকক কেৱল 500 টকা দিয়া বুলি অভিযোগ উত্থাপন হৈছে ৷ গ্ৰাহকৰ মোবাইলত 6000 টকা উঠা বুলি মেচেজ অহাত পোহৰলৈ আহে জালিয়াতিৰ ঘটনা ৷ এই সন্দৰ্ভত পৰিচালক মনিৰ উদ্দিনক সোধাত চাৰ্ভাৰ ডাউনৰ দোহাই দি ঘটনাক গাপ দিবলৈ চেষ্টা কৰে ৷
ঠিক একেদৰেই ছানিৰা খাতুন নামৰ গ্ৰাহকৰ একাউন্টৰ পৰাও শাখা পৰিচালক জনে জালিয়াতিৰে 5000 টকা সৰকাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ৷
একাউন্টত সোমোৱা স্ক'লাৰশ্বিপৰ ধন,প্ৰধানমন্ত্ৰীৰ জন ধন আঁচনি আৰু কৃষক সন্মান নিধিৰ টকা সোমোৱাৰ সুযোগ লৈ অপাৰেটৰ মনিৰ উদ্দিনে বিভিন্ন ছলাহিৰে এনেদৰে গ্ৰাহকৰ একাউন্টৰ সাঁচতীয়া ধন হৰলুকী কৰাৰ অভিযোগ উঠিছে । ইতিমধ্যে ভুক্তভোগী নাৰ্জিনাৰ পিতৃ শ্বফিজ উদ্দিনে গ্ৰাহক সেৱা কেন্দ্ৰখনৰ পৰিচালক মনিৰ উদ্দিনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ অন্যহাতে মনিৰ উদ্দিনে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি অভিযোগক নৎসাত কৰে ৷ এতিয়া এই ঘটনাৰ আঁৰৰ ৰহস্য আৰক্ষী আৰু বিভাগীয় তদন্তৰ পাছতহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক :27 তাৰিখে অনুষ্ঠিত হ'ব অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক