বজালী, 23 অক্টোবৰঃ বজালী মহকুমাৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁও হ’ল পুঠিমাৰীৰ মৈৰামভিঠা ৷ কিন্তু এইখন আদৰ্শ গাঁও পুঠিমাৰী মৈৰামভিঠা ৰাইজৰ লগতে প্ৰায় দহখন গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি যাতায়াতৰ নামত ভুগি আহিছে অকথ্য দুৰ্ভোগ ৷ মৈৰামভিঠাত পহুমাৰা নৈৰ ওপৰত এখন দলং নিৰ্মাণ নোহোৱাৰ বাবেই নৈ খনৰ পূৱ প্ৰান্তৰ পূৱ কলৰগুৰি,হালগিৰিঘাট,ঘটবৰ,পাঠশালা আদিলৈ পশ্চিম দিশৰ মেধিকুছি,মৈৰামভিঠা,বাল্লিমাৰী,ঘাঠাৰট্টাৰী আদি গাঁওৰ ৰাইজে বাৰিষা গাঠিৰ ধন ভাগি নাৱৰে আৰু খৰালি কালত বাঁহৰ দলঙৰে বিপদজনক যাতায়াত কৰিবলগীয়া হৈছে ৷ কিন্তু এই সন্দৰ্ভত বাৰাম্বাৰ অভিযোগ উত্থাপন কৰাৰ পিছতো জনপ্ৰতিনিধিয়ে নিৰ্লিপ্ত ভূমিকা পালন কৰি আহিছে ৷
উল্লেখ্য যে,বিগত বৰ্ষসমূহৰ দৰেই এইবছৰো মৈৰামভিঠা আৰু ইয়াৰ সমীপৰ গাঁওসমূহৰ ৰাইজে নিজাববীয়াকৈ বাঁহ আৰু ধন সংগ্ৰহ কৰি প্ৰায় 60-70 হাজাৰ টকা ব্যয়ৰে পহুমাৰা নৈৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ কাৰ্যত নামি পৰিছে ৷
লগতে চাওকঃ কুঁৱলিৰ আচল ফালি শীত আহিছে নামি