ETV Bharat / state

বীৰৰ মৰ্যাদাৰে ঘৰমূৱা হোৱাৰ সৌভাগ্য নহ'ল ইক্ৰাম হুছেইনৰ

author img

By

Published : Apr 29, 2020, 1:54 PM IST

28 তাৰিখে ঘৰলৈ অহাৰ কথা আছিল ইক্ৰাম হুছেইনৰ ৷ কিন্তু সো-শৰীৰে পৰিয়ালৰ কাষ নাপালেহি ইক্ৰাম হুছেইনে ...

ইক্ৰাম হুছেইন
ইক্ৰাম হুছেইন

বজালী,২৯ এপ্ৰিল: ৰাষ্ট্ৰীয় মৰ্যাদাৰে জাতীয় পতাকাৰ তলত নিজ গৃহলৈ অনা নহ'ব পাৰে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা দেশৰ প্ৰথমজন নিৰাপত্তা বাহিনীৰ বিষয়াৰ মৃতদেহ ৷ হয়তো পৰিয়ালৰ অবিহনেই শেষকৃত্য সম্পন্ন কৰা হ'ব দেশমাতৃৰ বীৰ সন্তানগৰাকীৰ ৷ স্বামীৰ মুখখন অন্তিমবাৰৰ বাবে চোৱাৰ হেপাহত প্ৰশাসনৰ সন্মুখত কৰযোৰে প্ৰাৰ্থনা জনাইছে মৃত বিষয়াগৰাকীৰ পত্নীয়ে ৷ দেশ সেৱাত নিযুক্ত হৈ থকা বীৰ সন্তান ইক্ৰাম হুছেইনক শেষবাৰৰ বাবে পৰিয়ালৰ কাষলৈ অনাৰ ক্ষেত্ৰত অপাৰগ প্ৰশাসন ৷

ইক্ৰাম হুছেইন

চি আৰ পি এফৰ 31 নং বেটেলিয়ানৰ সহকাৰী উপ পৰিদৰ্শক হিচাপে দিল্লীত কৰ্মৰত আছিল সৰুপেটা থানাৰ অন্তৰ্গত বৰবড়িৰ ইক্ৰাম হুছেইন ৷ কৰ্তব্যৰত অৱস্থাতে মহামাৰী COVID 19 য়ে তেওঁৰ দেহত থিতাপি লৈছিল ৷ 24 এপ্ৰিলত এই বিষয়ে জ্ঞাত হৈছিল বিষয়াগৰাকী ৷ ইতিমধ্যে ডায়বেটিছ আৰু ৰক্তচাপজনিত ৰোগতো আক্ৰান্ত আছিল ইক্ৰাম হুছেইন ৷ ইমানৰ পাছতো পাঁচটা দিন মহামাৰীৰ বিৰুদ্ধে যুঁজ দি অৱশেষত মঙলবাৰে মৃত্যুৰে হাৰ মানিলে ইক্ৰাম হুছেইনে ৷ ইতিমধ্যে বিষয়াগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে দেশৰ গৃহমন্ত্ৰীসহ মুখ্যমন্ত্ৰী সোণোৱালে লগতে ভুক্তভোগী পৰিয়ালৰ কাষত আহি থিয় দিয়ে জিলা প্ৰশাসন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.