ETV Bharat / state

কলগাছিয়াত জৰাজীৰ্ণ বাটে জলা কলা খুৱাইছে ৰাইজক

author img

By

Published : May 29, 2021, 3:21 PM IST

কলগাছিয়াত খাৰবাল্লীৰ পৰা চৰ খাৰবাল্লীলৈ যোৱা পথৰ জৰাজীৰ্ণ অৱস্থা ৷ বাঁহৰ সাকো ভাঙি পৰাত ব্যাহত হৈ পৰিছে জৰুৰীকালীন সেৱা ৷ সেয়ে শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে ৰাইজে ।

bad-road-condition-at-kalgasia
কলগাছিয়াত জৰাজীৰ্ণ বাটে জলা কলা খুৱাইছে ৰাইজক

জনীয়া, 29 মে’ : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লীৰ পৰা চৰ খাৰবাল্লীলৈ যোৱা পথে জলা কলা খুৱাইছে কলগাছিয়া ৰাইজক ৷ বিগত বছৰৰ বানপানীৰ সময়ত এই পথটো কেইবা ঠাইত ভাঙি যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ।

স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি মাজে মাজে বাঁহৰ সাঁকো নিৰ্মাণ কৰি লৈছিল যদিও সম্প্ৰতি সাঁকোসমূহ জহি খহি গৈছে। যাৰ বাবে অঞ্চলটোলৈ কোনো অগ্নি নিৰ্বাপক বাহন নাইবা এম্বুলেঞ্চ আহিব নোৱাৰে । ফলত কান্ধত তুলি অনা নিয়া কৰিবলগীয়া হয় ৰোগীক।

২০১৯-২০ বৰ্ষত এম জি এন ৰেগাৰ জৰিয়তে প্ৰায় দহ লাখ টকা ব্যয়েৰে ৰাস্তাটো নিৰ্মাণ কৰিছিল যদিও যোৱা বছৰৰ বানপানীত ৰাস্তাটো ঠায়ে ঠায়ে ভাঙি যোৱাত ব্যহত হৈ পৰিছে জৰুৰীকালীন সেৱা ।

সম্প্ৰতি স্থানীয় জনপ্ৰতিনিধি সকলে এই সম্পৰ্কত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । আনহাতে শীঘ্ৰে ৰাস্তাটো মেৰামতি কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : নাওবৈচাত প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.