ETV Bharat / state

Potters in crisis: সংকটত ৰাজ্যৰ মৃৎশিল্পী

author img

By

Published : Oct 18, 2022, 12:33 PM IST

দীপাৱলীৰ লগত সংগতি ৰাখি চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃৎশিল্পীসকল (Potter is busy making earthen lamps)। কিন্তু পূৰ্বৰ তুলনাত এইবাৰ কম পৰিমাণে চাকি নিৰ্মাণ কৰিছে মৃৎশিল্পীসকলে । খৰিৰ মূল্য বৃদ্ধি আৰু বজাৰত বহিঃৰাজ্যৰ চাকি উপলব্ধ হোৱাৰ বাবে সংকটত পৰিছে থলুৱা মৃৎশিল্পীসকল ।

Potters in crisis
সংকটত ৰাজ্যৰ মৃৎশিল্পী

বৰপেটাৰোড,১৮ অক্টোবৰ : আজি কাতি বিহু (Kati Bihu 2022)। সমান্তৰালকৈ সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ লগে লগে বজাৰত চাকিৰ চাহিদা বৃদ্ধি পাইছে । চাকিৰ চাহিদা পূৰণৰ বাবে দিনে-ৰাতিয়ে ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল ।

সংকটত ৰাজ্যৰ মৃৎশিল্পী

ইফালে ৰাজ্যৰ বাকী অঞ্চলসমূহৰ দৰে বৰপেটাৰ মৃৎশিল্পীসকলো চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে (Barpeta potter busy making earthen lamps)। বৰপেটাৰোডৰ সমীপৰ বাহঁবাৰীৰ পালপাৰাৰ মৃৎশিল্পীসকলেও পূৰ্বৰে পৰাই মাটিৰ চাকিৰ লগতে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি আহিছে । সেইবোৰ বিক্ৰী কৰিয়ে তেওঁলোকে জীৱন জীৱিকা চলাই আহিছে ৷

কিন্তু চীনকে ধৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন প্ৰকাৰৰ চাকিৰে বজাৰ ভৰি পৰাৰ বাবে থলুৱা মৃৎশিল্পীসকলৰ মাটিৰ চাকিৰ সমাদৰ কমি আহিছে ৷ ফলত মৃৎশিল্পীসকলে নিৰ্মাণ কৰা চাকিৰ বিক্ৰীও কম হোৱা দেখা গৈছে (Local earthen lamps demand declined) ৷

উল্লেখ্য যে বজালীৰ পাঠশালাৰ পৰা ক্ৰয় কৰি অনা মাটিৰে বাহঁবাৰীৰ পালপাৰাৰ মৃৎশিল্পীসকলে নিজৰ ঘৰতেই বিভিন্ন প্ৰকাৰৰ চাকি নিৰ্মাণ কৰি ৰ'দত শুকুৱাইছে । চাকিসমূহ শুকুৱাৰ পাছত জুইত পুৰি সেইবোৰত ৰঙ সানি ৰঙীন কৰি দীপাৱলীৰ বাবে বজাৰলৈ উলিয়াই দিব আৰু চাকিসমূহ বিক্ৰী কৰি পোৱা পইচাৰে নিজৰ পৰিয়াল পোহপাল দিব ৷ এইখিনিলৈ ঠিকে আছে কিন্তু দীপাৱলীৰ বাবে বিভিন্ন বৈদ্যুতিক চাকি বজাৰত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱাৰ বাবে বাহঁবাৰীৰ পালপাৰাত থকা মৃৎশিল্পীসকলে চাকিৰ উচিত মূল্য পোৱা নাই ।

লগতে তেওঁলোকেৰ চাকিৰ চাহিদাও কমিবলৈ আৰম্ভ কৰিছে । ফলত পূৰ্বৰ তুলনাত কম পৰিমাণে চাকি নিৰ্মাণ কৰিবলগীয়া হৈছে তেওঁলোকে । লকডাউনৰ সময়ৰে পৰা জুৰুলা হৈ পৰা মৃৎশিল্পীসকলে জনোৱা মতে এহাজাৰ চাকি মাত্ৰ ৬০০ৰ পৰা ৭০০ টকাতে বিক্ৰী কৰিবলগীয়া হৈছে । গ্ৰামাঞ্চলত বিক্ৰী কৰিব লগীয়া হয় মাত্ৰ ৫০০ টকাত ।

কেৱল এয়াই নহয় চাকি নিৰ্মাণতো বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে মৃৎশিল্পীসকল (Potters in crisis)। তেওঁলোকে উল্লেখ কৰা মতে চাকিৰ লগতে মাটিৰে নিৰ্মিত সামগ্ৰীসমূহ জুইত পুৰিব লাগে । তাৰ বাবে যথেষ্ট কাঠ বা খৰিৰ প্ৰয়োজন হয় । কিন্তু খৰিৰ দাম অত্যাধিক বৃদ্ধি পোৱাত মৃৎশিল্পীসকল সমস্যাত পৰিছে (Firewood price hike)। মাটিৰ সামগ্ৰী বিক্ৰী কৰি আকৌ খৰি ক্ৰয় কৰিবলৈও অসামৰ্থ মৃৎশিল্পীসকল ।

লক্ষণীয়ভাৱে এই সমস্যাবোৰৰ মাজেৰে এতিয়া জীৱন জীৱিকা চলাই যাবলগীয়া হৈছে মৃৎশিল্পৰ লগত জড়িত পৰিয়ালসমূহে । ইফালে লকডাউনৰ পৰা বিভিন্ন সংকটত পৰা মৃৎশিল্পীসকলক চৰকাৰে কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই বুলি উদ্বেগ প্ৰকাশ কৰিছে কৰিছে মৃৎশিল্পীসকলে । সেয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বৰপেটাৰোডৰ বাহঁবাৰীৰ পালপাৰাৰ মৃৎশিল্পীসকলক ইলেকট্ৰিক ভাটি একোখনকৈ দিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :Diwali preparation: নলবাৰীৰ মৃৎশিল্পীয়ে সাজি উলিয়াইছে হেজাৰ হেজাৰ চাকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.