ETV Bharat / state

আৰক্ষীৰ জোতাৰ গচকত গৰ্ভপাত দুমহীয়া গৰ্ভৱতীৰ - ভুক্তভোগীৰ ভাষ্য

বৰপেটাৰোডৰ নিচুকাৰ শ্বহিদুল ইছলাম নামৰ এজন যুৱকজনৰ সৈতে সম্পৰ্ক আছিল এগৰাকী যুৱতীৰ ৷ সেইমৰ্মে যুৱতী গৰাকীয়ে প্ৰেমিকক বিচাৰি চলিত মাহৰ ১৩ ছেপ্তেম্বৰত ঘৰৰ পৰা পলাই আহিছিল বৰপেটাৰোডলৈ ৷ প্ৰেমিক শ্বহিদুল ইছলামৰ ঘৰৰ ওচৰত থকা আত্মীয়ৰ ঘৰৰ পৰা শ্বহিদুল ইছলামক যোগাযোগ কৰে প্ৰেমিকাই ৷ আনহাতে প্ৰেমিকাৰ বিয়াৰ বয়স নোহোৱাৰ বাবে শ্বহিদুল ইছলামৰ পৰিয়ালে প্ৰেমিকাৰ অভিভাৱকৰ লগত যোগাযোগ কৰি যুৱতীগৰাকীক লৈ যাবলৈ কয় ৷ কিন্তু যুৱতীগৰাকীৰ পৰিয়ালৰ লোক আহি নোপোৱাত প্ৰেমিক শ্বহিদুল ইছলামৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক গতাই দিয়ে বৰপেটাৰোড আৰক্ষীক ৷

পুনৰ আৰক্ষী বৰ্বৰতা
author img

By

Published : Sep 20, 2019, 7:24 PM IST

বৰপেটাৰোড, ২০চেপ্তেম্বৰঃ বুঢ়া আৰক্ষী কাণ্ডৰ অনুৰূপ ঘটনা ৷ পুনৰ আৰক্ষীৰ বৰ্বৰতাৰ বলি হ'ল এগৰাকী মহিলা ৷ অপৰাধী বিচাৰি নাপাই পৰিয়ালৰ গৰ্ভৱতী মহিলাসহ ৭ জন লোকক নিৰ্মমভাৱে শাৰীৰিক নিৰ্যাতন চলাই আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে,চিৰাং জিলাৰ কয়লাময়লা আৰক্ষী চকীৰ অন্তৰ্গত ৰাচপাৰা গাৱঁৰ এগৰাকী যুৱতীৰ স'তে প্ৰেমৰ সম্পৰ্ক আছিল বৰপেটাৰোডৰ নিচুকাৰ শ্বহিদুল ইছলাম নামৰ এজন যুৱক জনৰ ৷ সেইমৰ্মে যুৱতী গৰাকীয়ে প্ৰেমিকক বিচাৰি চলিত মাহৰ ১৩ ছেপ্তেম্বৰত ঘৰৰ পৰা পলাই আহিছিল বৰপেটাৰোডলৈ ৷ প্ৰেমিক শ্বহিদুল ইছলামৰ ঘৰৰ ওচৰত থকা আত্মীয়ৰ ঘৰৰ পৰা শ্বহিদুল ইছলামক যোগাযোগ কৰে প্ৰেমিকাই ৷ আনহাতে প্ৰেমিকাৰ বিয়াৰ বয়স নোহোৱাৰ বাবে শ্বহিদুল ইছলামৰ পৰিয়ালে প্ৰেমিকাৰ অভিভাৱকৰ লগত যোগাযোগ কৰি যুৱতীগৰাকীক লৈ যাবলৈ কয় ৷ কিন্তু যুৱতীগৰাকীৰ পৰিয়ালৰ লোক আহি নোপোৱাত প্ৰেমিক শ্বহিদুল ইছলামৰ পৰিয়ালৰ লোকে যুৱতীগৰাকীক গতাই দিয়ে বৰপেটাৰোড আৰক্ষীক ৷

পৰৱৰ্তী সময়ত যুৱতী গৰাকীৰ পৰিয়ালে চিৰাং আৰক্ষীৰ সহযোগত যুৱতীগৰাকীক বৰপেটাৰোড আৰক্ষী থানাৰ পৰা উদ্ধাৰ কৰে ৷ লগতে যুৱতী গৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চিৰাঙৰ কয়লাময়লা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চৌধুৰীৰ নেতৃত্বত এদল আৰক্ষীয়ে অভিযুক্ত শ্বহিদুল ইছলামক বিচাৰি বৰপেটাৰোডৰ নিচুকাত আহি উপস্থিত হয় ৷ অভিযুক্তক বিচাৰি নাপাই নিচুকা আৰু সৰভোগৰ পূৱ খুদনাবাৰীত অভিযুক্তৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাসহ ৭ জন লোকক নিৰ্মম ভাৱে শাৰীৰিক নিৰ্যাতন চলায় আৰক্ষীয়ে ৷

আৰক্ষীৰ জোতাৰ গচকত গৰ্ভপাত দুমহীয়া গৰ্ভৱতীৰ

উল্লেখ্য যে ১৭ চেপ্তেম্বৰত নিশা ১২ বজাৰ পৰা পুৱতি নিশালৈকে শ্বহিদুলৰ পৰিয়ালৰ ওপৰত বৰ্বৰ নিৰ্যাতন চলোৱাৰ অভিযোগ কয়লাময়লা আৰক্ষী থানাৰ আৰক্ষীসকলৰ ওপৰত ৷ আৰক্ষীৰ নিৰ্যাতনত সুকীয়া খাতুন সাজেদা বেগম আৰু আছিৰণ নেছা গুৰুতৰভাৱে আহত হয় ৷ ভুক্তভোগীৰ ভাষ্য অনুসৰি আৰক্ষীৰ নিৰ্যাতন ইমানেই কঠোৰ আছিল যে সুকীয়া খাতুন নামৰ মহিলা গৰাকী দুমহীয়া গৰ্ভৱতীৰ পেটত জোতাৰে গচকি দিয়াত মহিলা গৰাকীৰ ৰক্তক্ষৰণ হয় ৷ ইপিনে আৰক্ষীৰ এই নিৰ্মম নিৰ্যাতনত আমছুৱে তীব্ৰ নিন্দা কৰি আৰক্ষী বিষয়া বিনোদ চৌধুৰীৰ ফাঁচিৰ দাবী কৰে ৷

Intro:বৰপেটাৰোড ২০ চেপ্তেম্বৰ : অসম আৰক্ষীৰ আচলতে হৈছে কি ! অসম আৰক্ষী প্ৰকৃততে বলীয়া হৈছে নেকি ? নে মহিলাৰ ওপৰত জপিয়াই বীৰত্ব দেখুৱাই হিৰো হোৱাৰ সহজ পন্হা এয়া ? দৰঙৰ বুঢ়া আৰক্ষী কাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হৈছে এইবাৰ বৰপেটাৰোডত ।Body:চিৰাং জিলাৰ আমগুৰি আৰক্ষী থানাৰ অধীনস্হ কয়লাময়লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ চৌধুৰীয়ে সংঘটিত কৰিছে বুঢ়া আৰক্ষী কাণ্ডৰ অনুৰূপ ঘটনা ৷ চিৰাং জিলাৰ কয়লাময়লা আৰক্ষী চকীৰ অন্তৰ্গত ৰাচপাৰা গাৱৰ এগৰাকী যুৱতীয়ে বৰপেটাৰোডৰ নিচুকাৰ শ্বহিদুল ইছলাম নামৰ এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল ৷ সেইমৰ্মে যুৱতী গৰাকীয়ে প্ৰেমিকক বিচাৰি চলিত মাহৰ ১৩ ছেপ্তেম্বৰত ঘৰৰ পৰা পলাই আহিছিল বৰপেটাৰোডলৈ ৷ প্ৰেমিক শ্বহিদুল ইছলামৰ ঘৰৰ ওচৰতেই আছিল প্ৰেমিকা যুৱতীৰ আত্মীয়ৰ ঘৰ ৷ আত্মীয়ৰ ঘৰত থাকি প্ৰেমিক শ্বহিদুল ইছলামৰ লগত যোগাযোগ কৰি প্ৰেমিকাই লগ পাইছিল ৷ প্ৰেমিকা জয়নৱৰ বিয়াৰ বয়স নোহোৱাৰ বাবে শ্বহিদুল ইছলামৰ পৰিয়ালৰ লোকে জয়নৱৰ চিৰাংৰ ঘৰৰ অভিভাৱকৰ লগত ফোন যোগে যোগাযোগ কৰি জয়নৱক আহি লৈ যাবলৈ কৈছিল ৷ কিন্তু জয়নৱৰ পৰিয়ালৰ লোক আহি নোপোৱাত প্ৰেমিক শ্বহিদুল ইছলামৰ পৰিয়ালৰ লোকে জয়নৱক গতাই দিছিল বৰপেটাৰোড আৰক্ষীক ৷ পৰৱৰ্তী সময়ত জয়নৱৰ পৰিয়ালে চিৰাং আৰক্ষীৰ সহযোগত জয়নৱক বৰপেটাৰোড আৰক্ষী থানাৰ পৰা উদ্ধাৰ কৰি লৈ যায় ৷ পৰৱৰ্তী সময়ত যুৱতী গৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চিৰাঙৰ কয়লাময়লা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চৌধুৰীৰ নেতৃত্বত এদল আৰক্ষী অভিযুক্ত শ্বহিদুল ইছলামক বিচাৰি বৰপেটাৰোডৰ নিচুকাত আহি উপস্থিত হৈছিল ৷ অভিযুক্তক বিচাৰি নাপাই নিচুকা আৰু সৰভোগৰ পূব খুদনাবাৰীত অভিযুক্তৰ পৰিয়ালৰ গৰ্ভৱতী মহিলা সহ ৭ জন লোকক নিৰ্মম ভাৱে শাৰীৰিক নিৰ্যাতন চলায় ৷ ১৭ চেপ্তেম্বৰত নিশা ১২ বজাৰ পৰা পুৱতি নিশালৈকে বৰ্বৰ নিৰ্যাতন চলাইছিল চিৰাং জিলাৰ কয়লাময়লা আৰক্ষী থানাা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ চৌধুৰীয়ে ৷ আৰক্ষীৰ নিৰ্যাতনত সুকীয়া খাতুন সাজেদা বেগম আৰু আছিৰণ নেছা গুৰুতৰ ভাৱে আহত হয় ৷ আৰক্ষীৰ নিৰ্যাতন ইমানেই কঠোৰ আছিল যে সুকীয়া খাতুন নামৰ মহিলা গৰাকী দুমহীয়া গৰ্ভৱতীৰ পেটত জোতাৰে গচকি দিয়াত মহিলা গৰাকীৰ ৰক্তক্ষৰণ হয় ৷ Conclusion:ইপিনে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক আৰক্ষীৰ এই নিৰ্মম নিৰ্যাতনত আমছুৱে তীব্ৰ নিন্দা কৰি আৰক্ষী বিষয়া বিনোদ চৌধুৰীৰ ফাচিৰ দাবী তুলিছে ৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.