ETV Bharat / state

কলগাছিয়াত দুটাকৈ পথ দুৰ্ঘটনা : আহত 2

উল্লেখ্য যে বাতৰি লেখা পৰলৈ মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ ভাষ্য অনুসৰি স্কুটি আৰোহীজনৰ বয়স ১৫ বছৰ লগতে চালকজনৰ কোনো ধৰণৰ অনুজ্ঞা পত্ৰ নাই ৷ বৰ্তমান আৰক্ষীৰ জিম্বাত চালকজন৷

author img

By

Published : Jun 6, 2019, 12:25 AM IST

কলগাছিয়াত সংঘটিত দুটাকৈ পথ দুৰ্ঘটনাঃআহত 2

কলগছিয়া, 5 জুনঃ ঈদৰ আনন্দ-উলাহৰ মাজতে বৰপেটা জিলাত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ জিলাখনৰ জনীয়া সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰত এখন বাইকে নিয়ন্ত্ৰণ হেৰুৱাই সাফিউল ইছলাম (২০) নামৰ কালামপুৰ গাঁৱৰ যুৱক এজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক স্থানীয় ৰাইজে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷ কিন্তু চিকিৎসকে যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰতো হেমাহি কৰা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ৷ পৰৱৰ্তী সময়ত যুৱকজনক উপযোক্ত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷

আনহাতে, জনীয়াৰ বৰভিটা আৰক্ষী চকীৰ অন্তর্গত ৰামপুৰ খেল্লী গাঁৱৰ হাচিনা খাতুন নামৰ এগৰাকী মহিলাক AS-01-DY-1768 নম্বৰৰ টি ভি এছ ৱেগ স্কুটি এখনে সন্মুখৰ পৰা খুন্দা মৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী । স্থানীয় ৰাইজে মহিলাগৰাকীক কলগাছিয়া অসমৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, বাতৰি লেখা পৰলৈ মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ ভাষ্য অনুসৰি স্কুটি আৰোহীজনৰ বয়স ১৫ বছৰ আৰু চালকজনৰ কোনো ধৰণৰ অনুজ্ঞা পত্ৰ নাই ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত চালকজন ৷

Intro:slug: as_jania_05jun_bike_accident_vis3+byt2_asc10058

জনীয়া, ০৫ জুন: কলগাছিয়াত ঈদৰ দিনাই সংঘটিত হ'ল দুটাকৈ পথ দুৰ্ঘটনা, আহত দুজন অৱস্থা সংকটজনক।Body:slug: as_jania_05jun_bike_accident_vis3+byt2_asc10058

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰ বেকঁ দলংৰ সমীপত নম্বৰ বিহীন বাইক এটাই নিয়ন্ত্ৰণ হেৰুৱাই সাফিউল ইছলাম (২০) নামৰ কালামপুৰ গাঁৱৰ ল'ৰা এজন ৰাস্তাৰ কাষত থিয় হৈ থকা অৱস্থাত বাইকে খুন্দা মৰাত ভৰি এটা ভাগি বাইক আৰোহি জন ঘটনা স্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনা গ্ৰস্ত হোৱা ল'ৰাজনক স্থানীয় ৰাইজে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদি ডাক্তৰে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আনহাতে জনীয়াৰ বৰভিটা আৰক্ষী চকীৰ অন্তর্গত ৰামপুৰ খেল্লী গাঁৱৰ হাচিনা খাতুন নামৰ এগৰাকী মহিলাক AS-01-DY-1768 নম্বৰৰ টি ভি এছ ৱেগ স্কুটি এখনে সন্মুখৰ পৰা খুন্দা মৰাত লগে লগে নাক, মুখ, কাণেৰে তেজ ওলাই গুৰুতৰ ভাৱে আহত হয়। পিছে স্থানীয় ৰাইজে কলগাছিয়া অসমৰিক চিকিৎসালয়ত লৈ যায় যদিও ডাক্তৰে উন্নত চিকিতসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। কিন্তু বাতৰি লেখা পৰলৈকে মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বাইক চালক জনৰ কোনো ধৰণৰ অনুজ্ঞা পত্ৰ নথকাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে চালক জনৰ বয়স ১৫ বছৰ। স্থানীয় লোকে আৰক্ষীক খবৰ দি ল'ৰাজনক গতাই দিয়ে।
Conclusion:slug: as_jania_05jun_bike_accident_vis3+byt2_asc10058

বাইট: স্থানীয় ৰাইজৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.