ETV Bharat / state

সাত দফীয়া দাবীৰ সমৰ্থনত হৰিজন কৰ্মীৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট - workers protest

হৰিজন কৰ্মচাৰী সকলৰ সাত দফীয়া দাবীৰ সমৰ্থনত অনিৰ্দিষ্ট কাল ধৰ্মঘট । অতি শীঘ্ৰে হৰিজন সকলৰ দাবী পূৰণ নকৰিলে ধৰ্মঘট কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈকে চলাই যোৱাৰ হুংকাৰ

সাত দফীয়া দাবীৰ সমৰ্থনত হৰিজন কৰ্মীৰ অনিৰ্দিষ্ট কাল ধৰ্মঘট
author img

By

Published : Jun 11, 2019, 7:08 PM IST

বৰপেটা,১১জুনঃ বৰপেটা জিলা হৰিজন সমাজ সেৱা সন্থাৰ উদ্যোগত পৌৰসভা কাৰ্যালয়ৰ সন্মুখত চাফাই কৰ্মী আৰু গেং মজদুৰৰ ধৰ্মঘট। বকেয়া, নিয়োগ পত্ৰ প্ৰদান আদিকে ধৰি ৭ দফীয়া দাবীত প্ৰতিবাদ সাব্যস্ত কৰে হৰিজন কৰ্মীসকলে।

সাত দফীয়া দাবীৰ সমৰ্থনত হৰিজন কৰ্মীৰ অনিৰ্দিষ্ট কাল ধৰ্মঘট

হৰিজন কৰ্মচাৰী সকলে অসম চৰকাৰৰ নিৰ্দেশনামৰ্মে দৰমহা দিয়া,পুৰণি চাফাই কর্মী সকলক ৫০০ টকাকৈ ৫ বছৰৰ বোনাচ দিয়া,পুৰণি চাফাই কর্মীক স্থায়ীকৰণৰ ব্যৱস্থা কৰা,২০১৮ চনৰ জুন মাহৰ ১ তাৰিখৰ পৰা চৰকাৰে বকেয়া দিয়া, চাফাই কৰ্মচাৰী সকলক বছৰে বছৰে ইংক্ৰিমেন্ট দিবলৈ দাবী জনোৱাৰ উপৰিও,৬৫ বছৰলৈকে চাকৰিত বাহাল ৰখা আদি দাবীৰ সমৰ্থনত ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ অতি শীঘ্ৰে হৰিজন সকলৰ দাবী পূৰণ নকৰিলে ধৰ্মঘট কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈকে অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ ইপিনে হৰিজন সকলৰ সমস্যা সমূহ আলাপ আলোচনাৰ জৰিয়তে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে বৰপেটাৰোড পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথে ৷

লগতে আন এটা বাতৰি- শিক্ষা বিভাগৰ ব্যৰ্থতাঃ শিক্ষাবৰ্ষৰ ছমাহৰ পাছতো বিনামূলীয়া ইউনিৰ্ফম নাপালে ছাত্ৰ-

Intro:বৰপেটাৰোড পৌৰসভাৰ হৰিজন কৰ্মী সকলৰ ধৰ্মঘট ৷ বকেয়া, ইনক্ৰিমেন্ট, নিয়োগ পত্ৰ আদিকে ধৰি ৭ দফীয়া দাবী পূৰণ নকৰিলে অনিৰ্দিষ্ট কাললৈকে ধৰ্মঘট পালনৰ হুংকাৰ দিছে বৰপেটা জিলা হৰিজন সমাজ সেৱা সন্হাই ৷Body:বৰপেটাৰোড পৌৰসভাৰ হৰিজন চাফাই কৰ্মী আৰু গেং মজদুৰ সকলে কালিৰে পৰা কৰ্মবিৰতি ধৰ্মঘট কাৰ্য্যসূচী আৰম্ভ কৰিছে ৷ বৰপেটা জিলা হৰিজন সমাজ সেৱা সন্হাৰ উদ্যোগত বৰপেটাৰোডৰ পৌৰসভা কাৰ্যালয়ৰ সন্মুখত আৰম্ভ কৰা এই ধৰ্মঘট কাৰ্যসূচীত হৰিজন কৰ্মচাৰী সকলে বিভিন্ন ধৰনৰ শ্লোগান দি উত্তাল কৰি তোলে ৷ হৰিজন কৰ্মচাৰী সকলে অসম চৰকাৰৰ নির্দেশনা মর্মে দৰমহা দিয়া,পুৰণি চাফাই কর্মী সকলক ৫০০ টকাকৈ ৫ বছৰৰ ইনক্রিমেন্ট দিয়া,পুৰণি চাফাই কর্মীক স্থায়ীকৰণৰ ব্যৱস্থা কৰা,২০১৮ চনৰ জুন মাহৰ ১ তাৰিখৰ পৰা চৰকাৰৰ নির্দেশ মৰ্মে বকেয়া দিয়া, চাফাই কৰ্মচাৰী সকলক বছৰে বছৰে ইনক্রিমেন্ট দিয়া, চাফাই কৰ্মচাৰী সকলক Appointment Letter দিয়াৰ ব্যবস্থা কৰা আৰু চাফাই কৰ্মচাৰী সকলক ৬৫ বছৰলৈকে চাকৰিত বাহাল ৰখা আদিকে ধৰি সাত দফীয়া দাবীৰ সমৰ্থনত পৌৰসভাৰ হৰিজন কৰ্মী সকলে ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷Conclusion:হৰিজন সকলৰ দাবী পূৰণ নকৰিলে এই ধৰ্মঘট কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈকে চলাই যাব বুলিও হুংকাৰ দিয়ে হৰিজন কৰ্মচাৰী সকলে ৷ ইপিনে হৰিজন সকলৰ সমস্যা সমূহ আলাপ আলোচনাৰ জৰিয়তে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে বৰপেটাৰোড পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথে ৷
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.