বৰপেটা, 17 জুলাইঃ চৌদিশে বানৰ তাণ্ডৱ অব্য়াহত থকাৰ সময়তে বৰপেটা জিলাত চিকিৎসাৰ অভাৱত মৃত্য়ুবৰণ কৰিছে এগৰাকী লোকে ৷ জিলাখনৰ সৰুক্ষেত্ৰীৰ আজাদ মেম'ৰিয়েল হাইস্কুলত আশ্ৰয় লৈ থকা আব্দুল ৰশিদ নামৰ লোকজনৰ বুধবাৰে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ৷ মৃত লোকজন সৰুক্ষেত্ৰীৰ নলীগাঁৱ ভক্তৰদবাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিষয়ে জানিব পাৰি মৃত লোকজনৰ সৈতে বৰপেটা মেডিকেল কলেজত উপস্থিত হয় সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ বিধায়কগৰাকীয়ে বান আশ্ৰয় শিৱিৰত পৰ্যাপ্ত সুবিধা নথকাৰ অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ক্ষুৰধাৰ সমালোচনা কৰে ৷
বৰপেটাত চিকিৎসাৰ অভাৱত মৃত্যু বানপীড়িতৰ
বৰপেটা জিলাত চিকিৎসাৰ অভাৱত মৃত্যু ঘটে এজন বানপীড়িত লোকৰ ৷ সৰুক্ষেত্ৰীৰ এটি আশ্ৰয় শিৱিৰত থকা লোকজন আব্দুল ৰশিদ বুলি জানিব পৰা গৈছে ৷
বৰপেটা, 17 জুলাইঃ চৌদিশে বানৰ তাণ্ডৱ অব্য়াহত থকাৰ সময়তে বৰপেটা জিলাত চিকিৎসাৰ অভাৱত মৃত্য়ুবৰণ কৰিছে এগৰাকী লোকে ৷ জিলাখনৰ সৰুক্ষেত্ৰীৰ আজাদ মেম'ৰিয়েল হাইস্কুলত আশ্ৰয় লৈ থকা আব্দুল ৰশিদ নামৰ লোকজনৰ বুধবাৰে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ৷ মৃত লোকজন সৰুক্ষেত্ৰীৰ নলীগাঁৱ ভক্তৰদবাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিষয়ে জানিব পাৰি মৃত লোকজনৰ সৈতে বৰপেটা মেডিকেল কলেজত উপস্থিত হয় সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ বিধায়কগৰাকীয়ে বান আশ্ৰয় শিৱিৰত পৰ্যাপ্ত সুবিধা নথকাৰ অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ক্ষুৰধাৰ সমালোচনা কৰে ৷
বৰপেটাৰ সৰুক্ষেত্ৰীত চিকিৎসাৰ অভাৱত বানপীড়িতৰ মৃত্যু ৷
পশ্চিম পাকা আজাদ মেম'ৰিয়েল হাইস্কুল আশ্ৰয় লৈ আছিল লোকজন ৷
শিবিৰৰ পৰা বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ চিকিৎসাৰ বাবে নি থকা অৱস্থাত আদবাটতে মৃত্যু লোকজনৰ ৷
মৃত লোকজন সৰুক্ষেত্ৰীৰ নলীগাওঁ ভক্তৰদৱাৰ আব্দুল ৰশিদ (৫০) ৷
আজি পুৱাৰে পৰা অসুস্থ হৈ আছিল লোকজন ৷
Body:কিছুসময় পূৰ্বে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰি অনা লেকজনক 108 যোগে চিকিৎসাৰ বাবে নি থকা অৱস্থাতে মৃত্যুমুখত পৰে লোকজন ৷
ৰোগীজনে উপযুক্ত চিকিৎসাৰ অভাৱতে লাভ মৃত্য হোৱাৰ অভিযোগ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷
মৃত লোকজনৰ সৈতে বৰপেটা মেডিকেল কলেজ হস্পিটালত উপস্থিত হৈ সৰুক্ষেত্ৰীৰ বিধায়কগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰে তীব্ৰ ক্ষোভ ৷
আশ্ৰয় শিবিৰসমুহত উপযুক্ত খাদ্য, খোৱাপানীৰ সুবিধা নোপোৱাৰো অভিযোগ বিধায়কগৰাকীৰ ৷
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও সৰব সৰুক্ষেত্ৰীৰ বিধায়কগৰাকী ৷
সোমবাৰে বৰপেটা জিলালৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৰপেটাৰ কোনো এজন বিধায়ককে নকৰিলে সাক্ষাৎ ৷
সৰুক্ষেত্ৰীৰ সৰ্থেবাৰীলৈ অহা মুখ্যমন্ত্ৰীয়ে আনকি স্থানীয় বিধায়ক জাকিৰ হুছেইনকো নজনালে চৰকাৰী কাৰ্যসূচী সম্বন্ধে কোনো কথা ৷
বৰপেটাৰ বানাক্ৰান্ত ৰাইজৰ খবৰ লবলৈ অহা মুখ্যমন্ত্ৰীয়ে বানপীড়িত লোক আৰু জনপ্ৰতিনিধিসকলক সাক্ষাৎ নকৰা কথাৰ তীব্ৰ সমালোচনা সৰুক্ষেত্ৰীৰ বিধায়কগৰাকীৰ ৷
আনহাতে দূৰ্যোগৰ সময়ত ভিভিআইপিপ সুবিধা ত্যাগ কৰিবলৈকো মুখ্যমন্ত্ৰীলৈ আহ্বান বিধায়ক জাকিৰৰ ৷
সোমবাৰে বৰপেটাৰ বান পৰিস্থিতি পৰ্যবেক্ষনৰ বাবে আহিব বুলি প্ৰায় ৬ ঘন্টা সময় বহুৱাই ৰাখিছিল বৰপেটাৰ সকলো বিভাগীয় মুৰব্বীক ৷
বৰপেটাৰ সকলো বিভাগীয় মুৰব্বীয়ে ১১ বজাৰ পৰাই অপেক্ষা কৰি আছিল মুখ্যমন্ত্ৰীক ৷
সৰ্থেবাৰীত মুখ্যমন্ত্ৰী উপস্থিত হৈছিল আবেলি প্ৰায় ৪-৪৫ বজাত ৷
আনহাতে বৰপেটাৰ আৰক্ষী অধীক্ষকে বানৰ সময়ত দায়িত্ব পালন নকৰা বুলি ক্ষোভ উজাৰে সৰুক্ষেত্ৰীৰ বিধায়কগৰাকীয়ে ৷
Conclusion:বাইটঃ জাকিৰ হুছেইন শিকদাৰ, বিধায়ক, সৰুক্ষেত্ৰী ৷
--- বাপকন দাস, বৰপেটা