ETV Bharat / state

ৰঙালী বিহুৰ পূৰ্বে অনুষ্ঠিত হ’ব অসম বিধান সভাৰ নিৰ্বাচন - ৰাজ্যিক বিজেপিৰ সভাপতি

ব’হাগ বিহুৰ আগতেই অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ মন্তব্যত পৰিস্ফূট হৈছে এই তথ্য ৷

assam election
bjp
author img

By

Published : Nov 6, 2020, 2:24 PM IST

বৰপেটা, ৬ নৱেম্বৰ : বিজেপিৰ ৰাজ্যিক সভাপতিৰ আগতীয়া ঘোষণা ৷ ১৫ এপ্ৰিলৰ পূৰ্বে অসমত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ ইতিমধ্যে নিৰ্বাচনৰ বাবে ৪০ লাখ কাৰ্যকৰ্তাক কঁকালত টঙালি বান্ধিবলৈ আহ্বান জনোৱাৰ লগতে দলীয় কাৰ্যকৰ্তাসকলক দৈনিক ১৬ ঘন্টাকৈ দলীয় কামত জৰিত থকাৰো আহ্বান ৰণজিৎ কুমাৰ দাসৰ ৷ ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সংখ্যালঘু মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰি ২১ৰ নিৰ্বাচনক লৈ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ ৷

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ সৈতে সভাখনত অংশগ্ৰহণ কৰি ৰণজি কুমাৰ দাসে বিধানসভা নিৰ্বাচনত আঞ্চলিক দলবোৰৰ সৈতে মিত্ৰতা আৰু আসন বুজাবুজি সম্পৰ্কতো সাংবাদিকৰ আগত মত ব্যক্ত কৰে ৷ বিপিএফ, ইউপিপিএল, অগপ বা গণ শক্তিৰ সৈতে মিত্ৰতা সম্পৰ্কে বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিক অৱগত কৰিব আৰু এই সম্পৰ্কে ৰাষ্ট্ৰীয় সমিতিয়ে লোৱা সিদ্ধান্ত মানি ল’ব বুলি কৌশলী মন্তব্য ৰণজিৎ কুমাৰ দাসৰ ৷

ৰঙালী বিহুৰ পূৰ্বে অনুষ্ঠিত হ’ব অসম বিধান সভাৰ নিৰ্বাচন

ইপিনে ২১ৰ নিৰ্বাচনত জয়যুক্ত হোৱাৰ বাবে সাজু হৈ উঠাৰ কথা ব্যক্ত কৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানে ৷ বিজেপিয়ে এইবেলি ৭ টা সংখ্যালঘু সমষ্টি দখলৰ বাবে লোৱা লক্ষ্যত উপনীত হ’বৰ বাবে সংখ্যালঘু মৰ্চাই ইতিমধ্যে ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত ২০ টা সমষ্টিত সংখ্যালঘু অভিৱৰ্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে মুক্তাৰ হুছেইন খানে ৷ একেদৰে নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিৰ সংখ্যালঘু মৰ্চাই হাতত লৈছে বিশেষ ৰণকৌশল ৷ বিশেষকৈ ১০০ শতাংশ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত বুথ সমিতি সমুহে নিম্নতম ৮০ টা ভোট দিবই লাগিব বুলি সংখ্যালঘু মৰ্চাই লৈছে সিদ্ধান্ত ৷

তাৰোপৰি সংখ্যালঘু অধ্যুষিত বুথ সমুহৰ পৰা ২০০ টা ভোট লাভ কৰা বুথ সমিতি সমুহক বিজেপিয়ে বিশেষভাৱে পুৰস্কৃত কৰাৰ বাবে লৈছে সিদ্ধান্ত ৷ অৱশ্যে অহা নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত ৭ সমষ্টি দখলৰ বাবে লোৱা বিজেপিৰ কৌশল কিমান দূৰ ফলপ্ৰসূ হয় সেয়া সময়তহে দেখা যাব যদিও বিজেপিৰ এই সিদ্ধান্তই যে সংখ্যালঘু অধ্যুষিত সমষ্টি সমুহত প্ৰভাৱ পেলাব সেইটো নিশ্চিত ৷

লগতে পঢ়ক : সৰ্বানন্দ সোণোৱাল জাতীয়তাবাদী নেতা নহয় : জগদীশ ভূঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.