ETV Bharat / state

লক্​ ডাউনে আৰ্থিক সংকট নমাই আনিছে সৰ্থেবাৰীৰ কাঁহ উদ্যোগলৈ

author img

By

Published : Apr 30, 2020, 6:41 PM IST

Updated : Apr 30, 2020, 9:11 PM IST

ধ্বংসৰ গৰাহত অসমৰ কাঁহ শিল্প ৷ লক্​ ডাউনৰ বাবে দীৰ্ঘদিন ধৰি গঢ়শালসমূহ বন্ধ হৈ থকাৰ বাবে চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে সৰ্থেবাৰীৰ কাঁহ শিল্পীসকল ৷

assam bell metal maker tragedy because of lock down
লক্​ ডাউনৰ বাবে চৰম আৰ্থিক সংকটত সৰ্থেবাৰীৰ কাঁহ শিল্পীসকল

বৰপেটা, ৩০ এপ্ৰিলঃ সংকটত সৰ্থেবাৰীৰ কাঁহ শিল্প ৷ চৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে সৰ্থেবাৰীৰ কাঁহ শিল্পীসকল ৷ লক্​ ডাউনৰ বাবে দীৰ্ঘদিন বন্ধ হৈ আছে গঢ়শাল সমূহ ৷ গঢ়শাল বন্ধ হৈ থকাৰ ফলত এতিয়া আখলত জুই নজ্বলা অৱস্থা সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলৰ ৷

কিয়নো ঐতিহ্যমণ্ডিত কাঁহ শিল্পৰ সৈতে জৰিত হৈ আছে সৰ্থেবাৰীৰ প্ৰতিজন লোক, প্ৰতিটো পৰিয়াল ৷ সৰ্থেবাৰীত দিনটোৰ আৰম্ভণী হয় কঁহাৰ শিল্পীৰ গঢ়শালৰ পৰা অহা হাতুৰীৰ শব্দেৰে ৷ কিন্তু এতিয়া সৰ্থেবাৰীত নাই সেই পৰিৱেশ ৷ সৰ্থেবাৰীৰ প্ৰায় দুই হাজাৰৰো অধিক লোকে নিতৌ গঢ়শাল সমূহত প্ৰস্তুত কৰে কাঁহৰ কাহী-বাতি, বঁটা, তাল আদিকে ধৰি বিভিন্ন বাচন বৰ্তন ৷ কাঁহৰ বাচন বৰ্তন প্ৰস্তুত কৰি দৈনিক পাঁচশৰ পৰা ছশ টকা উপাৰ্জন কৰে কাঁহ শিল্পীসকলে ৷ পিছে লক্​ ডাউনৰ বাবে কাঁহৰ বাচন বৰ্তন তৈয়াৰ কৰা গঢ়শাল সমূহ বন্ধ হৈ থকাৰ ফলত এতিয়া কঁহাৰ শিল্পীসকলৰ জীৱন মৰণ সমস্যা ৷

ইফালে কহাৰ শিল্পীসকলে চৰকাৰীভাৱে প্ৰদান কৰা ৫ কিল'গ্ৰাম চাউলৰ বাদে লাভ কৰা নাই আন কোনো সাহায্য ৷ সৰ্থেবাৰীৰ কঁহাৰ শিল্পীসকলে বিচাৰিছে চৰকাৰৰ বিশেষ সহায় ৷ অন্যথা ভয়াৱহ সংকটলৈ গতি কৰিছে সৰ্থেবাৰীৰ কাঁহ শিল্প তথা কাঁহ শিল্পীসকলৰ ভৱিষ্যত ৷

লগতে পঢ়কঃহাঁহিমুখীয়া ৰোমান্টিক নায়ক ঋষি কাপুৰৰ বিষয়ে জনা - নজনা কিছু কথা

Last Updated : Apr 30, 2020, 9:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.