ETV Bharat / state

বৰপেটাৰ জনীয়া সমষ্টিৰ পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

তথ্য অনুসৰি কাম আৰম্ভ হোৱা পথছোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় ঠিকাদাৰৰ ছাইড মেনেজাৰে প্ৰাককলন অনুযায়ী পথসমূহ নিৰ্মাণ নকৰি দুৰ্নীতি আৰু অনিয়মত লিপ্ত হোৱা বুলি ৰাইজৰ অভিযোগ

author img

By

Published : May 29, 2019, 5:54 PM IST

বৰপেটাৰ জনীয়া সমষ্টিৰ পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

জনীয়া, 29 মেঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাজ্যিক উন্নয়ন পুঁজিৰে গড়কাপ্তানী গ্ৰাম্য পথৰ মেৰামতিৰ কাম আৰম্ভ কৰে যদিও ৰাইজে বিচৰা ধৰণে বৰ্তমানো সম্পূৰ্ণ হৈ উঠা নাই পথছোৱাৰ কাম ৷ এই পথছোৱাৰ বাবে স্থানীয় বিধায়কে ৮৭.৬৩ লাখ টকা আবন্টন দিয়ে যদিও ঠিকাদাৰে ৰাইজক কেৱল ৪৯ লাখ টকা আবন্টন দিয়া বুলি জনায় ৷

বৰপেটাৰ জনীয়া সমষ্টিৰ পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

তথ্য অনুসৰি কাম আৰম্ভ হোৱা পথছোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় ঠিকাদাৰৰ ছাইড মেনেজাৰে প্ৰাক্কলন অনুযায়ী পথসমূহ নিৰ্মাণ নকৰি দুৰ্নীতি আৰু অনিয়মত লিপ্ত হোৱা বুলি ৰাইজে অভিযোগ কৰে ৷ ইয়াৰোপৰি ৰাইজে ছাইড মেনেজাৰক প্ৰাক্কলন বিচৰাত অমাৰ্জিত ব্যৱহাৰ কৰাৰো অভিযোগ কৰিছে ৰাইজে ৷

Intro:slug: as_jania_29may_repairingot_bepok_oniom_vis3+byt3+pho1_spl_story_asc10058

জনীয়া, ২৯ মে: জনীয়া সমষ্টিৰত এছ ও পি ডি গড়কাপ্তানি গ্ৰাম্য পথৰ ৰিপাইৰিঙত ব্যাপক অনিয়ম।এই ক্ষেত্ৰত ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজৰ।Body:slug: as_jania_29may_repairingot_bepok_oniom_vis3+byt3+pho1_spl_story_asc10058

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰাস্তাৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে এছ ও পি ডি গড়কাপ্তানি গ্ৰাম্য পথৰ ৰিপাইৰিং কামৰ কলগাছিয়াৰ বামুনটাৰীৰ পৰা জনতা বজাৰলৈ ১২ কি: মি: ৰাস্তাৰ বাবে ৮৭.৬৩ লাখ টকা চৰকাৰে আবন্টন দিছে বুলি স্থানীয় বিধায়কৰ পৰা ৰাইজে অৱগত হৈছিল। কিন্তু ঠিকাদাৰে ৰাইজক ৪৯ লাখ টকাৰ কাম বুলিহে জনায়। ইপিনে পথছোৱা ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰি আছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কামৰ নমুনালৈ চাই দুই-চাৰি মাহৰ পাছতেই ৰাস্তাটো পুনৰ আগৰ দৰেই খলা-বমা হৈ পৰিব বুলি ৰাস্তাটোৰ কাৰণে কষ্ট পাই অহা ৰাইজে বিভিন্ন পক্ষৰ দৃষ্টি গোচৰ কৰিছে। ৰাইজে ঠিকাদাৰৰ ছাইড মেনেজাৰৰ ওচৰত ষ্টিমেট বিচৰাত এছ ওক ফোন লগাই দিয়াৰ পাছত কিয় লাগে পাৰিলে আৰ টি আই কৰি ওলাই ল'বলৈ ৰাইজক দম্ভালিৰে উত্তৰ দিয়াৰ লগতে ৰাইজৰ লগত অমাৰ্জিত ব্যবহাৰ কৰে। কামটোৰ ষ্টিমেন্ট ৰাইজক ঠিকাদাৰে দেখাবলৈ অমান্তি হোৱাৰ কাৰণে ঠিকাদাৰে দূৰ্নীতি কৰাটো এক প্ৰকাৰ প্ৰমাণ হৈছে বুলি ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে। ষ্টিমেন্ট নোপোৱা পৰ্য্যন্ত ৰাইজে কাম কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই খিনিত আৰু এটা কথা উল্লেখ কৰিব পাৰি যে ৰাইজে ঠিকাদাৰৰ মেনেজাৰৰ নাম সোধাত মেনেজাৰ জনে মোৰ নাম নাই বুলি কয়।
Conclusion:slug: as_jania_29may_repairingot_bepok_oniom_vis3+byt3+pho1_spl_story_asc10058

বাইট: স্থানীয় ৰাইজ।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.