ETV Bharat / state

বেকী নৈৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত শতাধিক পৰিয়াল

author img

By

Published : Mar 5, 2021, 6:52 PM IST

Updated : Mar 5, 2021, 10:14 PM IST

বৰপেটাৰ কলগাছিয়াৰ চতলা গাঁৱত বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত সৰ্বস্ব হেৰুৱাইছে গাঁওবাসীয়ে ৷ স্থানীয় জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাত ক্ষুব্ধ ভুক্তভোগী ৰাইজ ৷ কুম্ভকৰ্ণ নিদ্ৰাত থকা জিলা প্ৰসাশনক শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে সৰ্বস্ব হেৰুওৱা লোক সকলে ।

বেকী নৈৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত শতাধিক পৰিয়াল
বেকী নৈৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত শতাধিক পৰিয়াল

জনীয়া,5মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়াত বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া ৷ গৰাখহনীয়াৰ কৱলত উচন হ'ল শতাধিক পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে শস্য শ্যামলা খেতিপথাৰ । খাদ্য,বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত অনিদ্ৰা অনাহাৰে মুকলি পথাৰতে নিশা কটাইছে খহনীয়াগ্ৰস্ত ৰাইজে । কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত চতলা গাঁওখন মানাহ আৰু বেকী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰি প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত । বিগত ছমাহ ধৰি গাঁওখনৰ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত জাহ যোৱাৰ লগতে শ শ বিঘা কৃষিভূমি ধ্বংস কৰিছে নৈৰ গৰাখহনীয়াই ৷

ভেটি মাটি হেৰুৱাই সৰ্বশ্ৰান্ত হৈছে খহনীয়াগ্ৰস্ত লোকসকল । বিগত বছৰৰ বানপানীৰ পাচৰ পৰাই অঞ্চলটোত নিৰবিচ্ছিন্নভাৱে গৰাখহনীয়াই ধ্বংসলীলা চলাই আহিছে যদিও জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ নীৰৱ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী লোকসকল । কুম্ভকৰ্ণ নিদ্ৰাত থকা জিলা প্ৰসাশনক শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট

Last Updated : Mar 5, 2021, 10:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.